পশ্চিমবংগত বিজেপিৰ বিজয়ৰ পাছতেই অহা শুকুৰবাৰে মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ বহু চৰ্চিত বোলছবি ‘দ্য বেংগল ফাইলছ’। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিখন দেশজুৰি মুক্তি পাইছিল যদিও ৰাজ্যখনত ই তীব্ৰ ৰাজনৈতিক বাধাৰ সন্মুখীন হৈছিল। ৰাজ্যখনৰ শেহতীয়া শাসনকালৰ পৰিৱৰ্তনৰ পাছতে পৰিচালকগৰাকীয়ে এতিয়া পশ্চিমবংগৰ ছবিগৃহত এই ছবিখন প্ৰদৰ্শিত হোৱাৰ কথা ঘোষণা কৰিছে।
সামাজিক মাধ্যমযোগে বিবেক অগ্নিহোত্ৰীয়ে ছবিখনৰ মুক্তিৰ বাধা সন্দৰ্ভত মমতা বেনাৰ্জীৰ চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পৰা আৰম্ভ কৰি বিতৰণলৈকে প্ৰতিটো পৰ্যায়ত তেওঁক বাধা হৈছিল আৰু তেওঁ আনকি শাৰীৰিক আক্ৰমণৰো সন্মুখীন হ’বলগীয়া হৈছিল।
অগ্নিহোত্ৰীয়ে কয়, “মোৰ বিৰুদ্ধে ডজনৰো অধিক এজাহাৰ দাখিল কৰি মোক বেংগলত বাতিল কৰাৰ চেষ্টা কৰা হৈছিল। আনকি মই ৰাজ্যপালৰ পৰা বঁটা ল’বলৈও যাব পৰা নাছিলোঁ যদিও আমি কেতিয়াও হাৰ মনা নাছিলোঁ”। নিৰ্বাচনৰ সময়ছোৱাত বিভিন্ন উপায়েৰে মানুহক এই ছবিখন দেখুৱাবলৈ চেষ্টা কৰাৰ পাছত এতিয়া ছবিগৃহত ই মুক্তি লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
কলকাতাৰ প্ৰিয়া চিনেমাৰ স্বত্বাধিকাৰী অৰিজিৎ দত্তই এই মুক্তিৰ সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে এক বিশেষ ৰাজনৈতিক নিৰ্দেশৰ বাবেই চেন্সৰ ব’ৰ্ডৰ অনুমতি থকাৰ পাছতো ছবিখন ইমানদিনে বেংগলত মুক্তি পাব পৰা নাছিল। সমগ্ৰ ভাৰতবৰ্ষই ছবিখন চালে যদিও কেৱল পশ্চিমবংগৰ দৰ্শকেহে ইয়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে।
ছবিখনৰ বিতৰক শতদীপ সাহাই জনোৱা মতে কেৱল কলকাতাতে নহয়, বৰঞ্চ সমগ্ৰ পশ্চিমবংগৰ বিভিন্ন চহৰৰ ছবিগৃহৰ তালিকা প্ৰস্তুত কৰি ছবিখন মুক্তিৰ ব্যৱস্থা কৰা হৈছে। এই মুক্তিয়ে এতিয়া ৰাজ্যখনৰ সচেতন মহলৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে।
