মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালক ছামিম আহমেদক শনিবাৰে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। চাৰিদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত নুনমাটি আৰক্ষীয়ে অভিযুক্তটোক আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। আদালতে উভয় পক্ষৰ শুনানি গ্ৰহণ কৰি ছামিমক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
যোৱা সোমবাৰে নিশা সংঘটিত সেই শোকাৱহ ঘটনাত আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদ নামৰ তিনিগৰাকী যুৱতীয়ে অকাল মৃত্যুক সাৱটি লৈছিল। দুৰ্ঘটনা সংঘটিত কৰিয়ে ছামিমে মহানগৰীৰ পৰা পলায়ন কৰি শ্বিলঙত আত্মগোপন কৰে। আনকি আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ তেওঁ শ্বিলঙৰ এখন চেলুনত নিজৰ চুলি-দাড়ি কটাই ৰূপ সলনিৰো চেষ্টা চলায়।
শুকুৰবাৰে আৰক্ষীয়ে মঠঘৰীয়াৰ পাহাৰীয়া এলেকাৰ এটা নলাৰ পৰা ছামিমে দুৰ্ঘটনাৰ নিশা পিন্ধি থকা তেজেৰে লুতুৰি-পুতুৰি পোছাকযোৰ উদ্ধাৰ কৰে।
ইফালে, অভিযুক্ত ছামিমৰ সন্দৰ্ভত তদন্তকাৰী দলে লাভ কৰিছে কেইবাটাও বিস্ফোৰক তথ্য। তেওঁ এছক’ৰ্ট চাৰ্ভিচ চলোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। বৰপেটা জিলাৰ বাসিন্দা ছামিমে গোৱালপাৰাত পঢ়াশুনা কৰিছিল বুলি জানিব পৰা গৈছে। বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলেও আৰক্ষীয়ে এই সমগ্ৰ ৰহস্যঘন দুৰ্ঘটনাটোৰ সৈতে আন কোনো চক্ৰ জড়িত আছে নেকি তাক লৈ অধিক তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
