উত্তৰ প্ৰদেশৰ যাতায়াত আৰু আন্তঃগাঁথনিৰ ইতিহাসত বুধবাৰে সংযোজিত হ’ল এক সোণালী অধ্যায়। ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰিব পৰা ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে দেশবাসীৰ বাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰায় ৩ বছৰ ৫ মাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা এই বিশাল পথছোৱাই মীৰাটৰ পৰা প্ৰয়াগৰাজলৈ যাত্ৰাৰ সময় লক্ষণীয়ভাৱে হ্ৰাস কৰিব। ১২খন জিলাক সামৰি লোৱা এই ছয়লেনযুক্ত এক্সপ্ৰেছৱেটো পৰৱৰ্তী সময়ত আঠলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰিব পৰা হ’ব।
প্ৰযুক্তি আৰু সুৰক্ষাৰ দিশৰ পৰা গংগা এক্সপ্ৰেছৱেক আধুনিক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ নিদৰ্শন হিচাপে গণ্য কৰা হৈছে। এই পথত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ দ্বাৰা পৰিচালিত চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে। আনহাতে, জৰুৰীকালীন অৱস্থাত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ জাহাজ যাতে অৱতৰণ কৰিব পাৰে, তাৰ বাবে এক্সপ্ৰেছৱেৰ ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিশেষ অংশ সাজু কৰি তোলা হৈছে। উল্লেখযোগ্য যে এই প্ৰকল্পৰ ৪৬৪ কিলোমিটাৰ পথ আদানী ৰোড ট্ৰান্সপৰ্ট লিমিটেড গ্ৰুপে নিৰ্মাণ কৰিছিল য’ত প্ৰায় ১২ হাজাৰ শ্ৰমিকে কাম কৰিছিল।
বৃহৎ এই অভিলাষী প্ৰকল্পটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ ভৱিষ্যতৰ দিশটো দোহাৰে। মা গংগাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মা গংগাৰ আশীৰ্বাদত উন্নতিৰ শিখৰত উপনীত হ’ব উত্তৰ প্ৰদেশ। এই এক্সপ্ৰেছৱে হৈছে ৰাজ্যখনৰ লগতে দেশৰ জীৱন ৰেখা আৰু আধুনিক ভাৰতৰ প্ৰতীক।” তেওঁ লগতে উল্লেখ কৰে যে এই পথৰ জৰিয়তে সাধাৰণ জনতাই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে কাশী ধামত উপস্থিত হ’বলৈ সক্ষম হ’ব।
গংগা এক্সপ্ৰেছৱেই কেৱল যাতায়াততে নহয়, ৰাজ্যখনৰ অৰ্থনীতিৰ ক্ষেত্ৰতো এক বৃহৎ জোৱাৰ আনিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ এক তথ্য অনুসৰি, এই প্ৰকল্পৰ ফলত প্ৰায় ৩ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি হৈছে। আগন্তুক এটা দশকত এই পথছোৱাই ৰাজ্যখনৰ জিডিপিলৈ ১ লাখ কোটি টকাৰ অৰিহণা যোগোৱাৰ লগতে প্ৰয়াগৰাজ আৰু বাৰানসীৰ পৰ্যটন ক্ষেত্ৰকো অধিক লাভান্বিত কৰিব বুলি চৰকাৰীভাৱে প্ৰকাশ কৰিছে। মা গংগাৰ পাৰে পাৰে নিৰ্মাণ কৰা এই এক্সপ্ৰেছৱেই এতিয়া উত্তৰ প্ৰদেশৰ সৰ্বাংগীণ বিকাশৰ অন্যতম সাৰথি হৈ পৰিছে।
