১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই এইবাৰ খিতাপ ৰক্ষা কৰিব বিচাৰিব। বিশ্বকাপত আটাইতকৈ বয়সীয়ালত সৰ্বাধিক গ’ল দিয়া পাঁচজন খেলুৱৈৰ তালিকাত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। এই তালিকাৰ শীৰ্ষত আছে ৰজাৰ মিলা। ফিফা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বয়সীয়াল গ’লদাতাৰ অভিলেখ ৰজাৰ মিলাৰ হাতত আছে। কেমেৰুণৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলি থকা ৰজাৰে ১৯৯৪ চনত ৪২ বছৰ ৩৯ দিন বয়সত ৰাছিয়াৰ বিৰুদ্ধে গ’ল দিছিল। অৱশ্যে ৰাছিয়াৰ বিৰুদ্ধে ৬-১ গ’লত পৰাস্ত হয় কেমেৰুণ। ইয়াৰ পিছত আছে পেপে। পৰ্তুগালৰ তাৰকা খেলুৱৈ পেপে বিশ্বকাপত গ’ল দিয়া দ্বিতীয় আটাইতকৈ বয়সীয়াল খেলুৱৈ।
২০২২ চনত কাটাৰত অনুষ্ঠিত বিশ্বকাপত পেপেই ৩৯ বছৰ ২৮৩ দিন বয়সত চুইজাৰলেণ্ডৰ বিৰুদ্ধে গ’ল দিছিল। এই মেচত পৰ্তুগালে সুন্দৰ প্ৰদৰ্শন কৰি ছুইজাৰলেণ্ডক ৬-১ গ’লত পৰাস্ত কৰে। তৃতীয় স্থানত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। ফিফা বিশ্বকাপত আটাইতকৈ বয়সীয়ালত গ’ল দিয়া তৃতীয়জন খেলুৱৈ কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো৷ ২০২২ চনত কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত ৩৭ বছৰ ২৯২ দিন বয়সত গ্ৰুপ ষ্টেজৰ এখন খেলত ঘানাৰ বিৰুদ্ধে ৰোনাল্ডোৱে এটা গ’ল দিছিল। এই গ’লে নিৰ্ণায়ক বুলি প্ৰমাণিত হয় আৰু পৰ্তুগালে ঘানাক ৩-২ গ’লত পৰাস্ত কৰাত সহায় কৰে। ইয়াৰ পিছত গুনাৰ গ্ৰেন।
ফিফা বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বয়সীয়াল গ’লদাতাৰ তালিকাত চতুৰ্থ স্থানত আছে গুনাৰ গ্ৰেন। ছুইডেনৰ হৈ খেলি থকা গুনাৰে ৩৭ বছৰ ২৩৬ দিন বয়সত পশ্চিম জাৰ্মানীৰ বিৰুদ্ধে এটা গ’ল দিছিল। এই গ’লেই ছুইডেনক ৩-১ গ’লত জয়লাভ কৰাত সহায় কৰে। আনহাতে, পঞ্চম স্থানত আছে কুয়াউটেমক ব্লাংকো। ফিফা বিশ্বকাপত গ’ল দিয়া পঞ্চম বয়সস্থ খেলুৱৈ কুয়াউটেমক ব্লাংকো। ২০১০ চনত ফ্ৰান্সৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ এখন খেলত ৩৭ বছৰ ১৫১ দিন বয়সত গ’ল দিছিল। এই মেচখনত মেক্সিকোৱে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰে।
