টীম ইণ্ডিয়াৰ পৰৱৰ্তী টি-২০ অধিনায়ক হ’ব শ্ৰেয়াছ আয়াৰ। শীঘ্ৰে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। টি-২০ৰ অধিনায়ক হিচাপে ভাৰতীয় দলত সূৰ্যকুমাৰ যাদৱৰ ঠাইত আয়াৰে স্থান লাভ কৰিব। এক প্ৰতিবেদন অনুসৰি শ্ৰেয়াছ আয়াৰক টি-২০ৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ চূড়ান্ত সিদ্ধান্ত বৃহস্পতিবাৰে বিচিচিআই এপেক্স কাউন্সিলৰ অনলাইন বৈঠকৰ সময়ত লোৱা হ’ব। ইতিমধ্যে টিম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক সন্দৰ্ভত আলোচনা পূৰ্ণগতিত চলি আছিল; এতিয়া এই বিষয়টোক লৈ থকা চাচপেন্স প্ৰায় শেষ হৈছে।
বি চি চি আই এপেক্স কাউন্সিলৰ বৈঠকৰ সময়ত শ্ৰেয়াছ আয়েৰৰ নাম অনুমোদন পোৱাৰ পিছত এই সিদ্ধান্তৰ বিষয়ে আন নিৰ্বাচকসকলক আনুষ্ঠানিকভাৱে অৱগত কৰিব মুখ্য নিৰ্বাচক অজিত আগৰকাৰে। টি-২০ৰ অধিনায়ক হিচাপে সঞ্জু চেমছনক নিযুক্তি দিয়াৰ সপক্ষে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকে পক্ষত থকা বুলিও খবৰ ওলাইছিল; কিন্তু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে এই ধাৰণাটোৰ সৈতে একমত নাছিল। পাৰস্পৰিক আলোচনাৰ অন্তত শ্ৰেয়াছ আয়াৰক ভাৰতৰ পৰৱৰ্তী টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিয়াত সহমতত উপনীত হয়। আগন্তুক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ সময়ত তেওঁ দলটোক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে।
এই দুয়োটা ভ্ৰমণৰ বাবে দল নিৰ্বাচন সভা ৬ জুন শনিবাৰে অনুষ্ঠিত হ’ব আৰু শ্ৰেয়াছ আয়াৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্ৰেয়াছ আয়াৰক পৰৱৰ্তী টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগতে টিম ইণ্ডিয়াৰ উপ-অধিনায়কজনৰ নামো ঘোষণা কৰা হৈছে। এই ভূমিকাত অক্ষৰ পেটেলৰ ঠাইত দলটোৰ পৰৱৰ্তী উপ-অধিনায়ক হিচাপে পৰিগণিত হ’ব তিলক বাৰ্মা।
