২০-২১ জুনত পুনেত চতুৰ্থ জি-২০ শিক্ষা কৰ্মগোটৰ বৈঠকৰ আহ্বান কৰা হৈছিল। এই কৰ্মগোটৰ উদ্বোধনী অধিৱেশনত ভাৰতৰ মুখ্য সমন্বয়ক হৰ্ষ বৰ্ধন শ্ৰিংলা আৰু উচ্চ শিক্ষা বিভাগৰ সচিব সঞ্জয় মূৰ্তি উপস্থিত থাকে। এই বৈঠকত জি-২০ৰ সদস্য দেশ, আমন্ত্ৰিত দেশ, আৰু অ’ইচিডি, ইউনেস্কো, ইউনিচেফৰ ৮৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকৰ পূৰ্বে বিদেশী প্ৰতিনিধিসকলে পুনেৰ শনিৱাৰবাড়া, লাল মহল, নানা ৱাডাকে ধৰি জনপ্ৰিয় ঐতিহ্য ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে।
ছত্ৰপতি শিৱৰাইৰ শৈশৱৰ ইতিহাস আৰু নানা ৱাদাৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰা হয় অতিথিসকলক। এই ভ্ৰমণৰ সময়ত বিভিন্ন বিদ্যালয় আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৫০খন দেশৰ প্ৰায় ১৫০ জন বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰে। পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ত বিদেশী প্ৰতিনিধিক আদৰণি জনোৱা হৈছিল, য’ত মিশ্ৰিত শিক্ষণত ফাউণ্ডেচনেল লিটাৰেচি এণ্ড নিউমেৰাচি(আধাৰশিলা সাক্ষৰতা আৰু সংখ্যা) বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
২২ জুনত পুনেত অনুষ্ঠিত হয় শিক্ষা মন্ত্ৰীসকলৰ বৈঠক। এই বিষয়ে উল্লেখ কৰি হৰ্ষ বৰ্ধন শ্ৰিংলাই কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় স্তৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ আশাব্যঞ্জক সমাধান হিচাপে বিশ্বই ভাৰতৰ প্ৰতি দৃষ্টি ৰাখিছে। আজিৰ বৈঠকখন এই বিষয়ত ভৱিষ্যতৰ নীতি নিৰ্ধাৰণ কৰাত অতি সহায়ক হ’ব বুলি বিবেচিত হ’ব।”