অসমৰ মুখ্যমন্ত্ৰীৰ এল এণ্ড টিক ধন্যবাদ

588

অসমৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাৰ্চেন এণ্ড টুব্ৰোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

এক টুইটযোগে শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই কয়, “মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৯,৪০,৯৭,৭৭০ টকা অৱদান আগবঢ়োৱাৰ বাবে লাৰ্চেন এণ্ড টুব্ৰো লিমিটেড (এল এণ্ড টি)ৰ প্ৰতি কৃতজ্ঞ।

এনে ধৰণৰ উদাৰতাৰ কাৰ্য্যই বানপীড়িত লোকসকলক সকাহ দিয়াৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টা বৃদ্ধি কৰাত বহুদূৰ আগবাঢ়িব। কৃতজ্ঞতা!”