মন্দিৰত ভয়ংকৰ ঘটনা

7

মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।জানিবপৰা মতে মন্দিৰটোত জুইৰ শিখা দেখি স্থানীয় লোকসকল লগে লগে সেই স্থানত উপস্থিত হয় আৰু অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে। ইফালে জুইৰ লেলিহান শিখাৰ বাবে মন্দিৰ চৌহদত অৱস্থিত এটা কোঠাত আবদ্ধ হৈ পৰে পুৰোহিতগৰাকী।

দেহৰ অধিকাংশ অংশ জুয়ে পোৰাৰ ফলত শোকাৱহভাৱে তেওঁৰ মৃত্যু ঘটে।এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। প্ৰকাশিত খবৰ অনুসৰি, দিল্লীৰ ৰোহিনী অঞ্চলৰ প্ৰেম নগৰ থানা এলেকাত অৱস্থিত সূৰ্য মন্দিৰত পুৱা প্ৰায় ২ বজাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।এই ঘটনাই শোকাহত কৰি তুলিছে স্থানীয় লোকসকলক।নিহত পুৰোহিতজনক ৬৫ বৰ্ষীয় বানৱাৰী লাল শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ মন্দিৰ চৌহদতে অৱস্থিত এটা কোঠাত বাস কৰিছিল।জুইৰ সূত্ৰপাত ক’ৰ পৰা কেনেকৈ হ’ল জানিব পৰা হোৱা নাই।বৰ্তমানেও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।