২২ ফেব্ৰুৱাৰীত সুৰংগটোৰ এটা অংশ খহি পৰাৰ ফলত এছ এল বি চি সুৰংগ প্ৰকল্পত কাম কৰা আঠজন কৰ্মচাৰী আবদ্ধ হৈ পৰে ।এই দুৰ্ঘটনাই আজি সপ্তম দিনত ভৰি দিলে ।

এতিয়ালৈ সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৮ জন লোকক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে যদিও তেওঁলোকক উদ্ধাৰ কৰাটো এতিয়াও সম্ভৱ হৈ পৰা নাই ।

বিগত ছয় দিন ধৰি আবদ্ধ হৈ থকা আঠজন লোকক বিচাৰি উলিওৱা কামত প্ৰয়োজনীয় সঁজুলিৰে সহায় কৰিছে ।ইয়াৰ মাজতে দক্ষিণ মধ্য ৰে’লৱেই আন উদ্ধাৰকাৰী দলৰ সৈতে যোগদান কৰি উদ্ধাৰকাৰ্যত সহযোগ কৰিছে।

ইতিমধ্যেই জানিবপৰা মতে আবদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ, শ্ৰী নিৱাস, জম্মু-কাশ্মীৰৰ ছানি সিং, পঞ্জাবৰ গুৰপ্ৰীত সিং আৰু ঝাৰখণ্ডৰ সন্দীপ চাহু, জেগটা জেচেছ, সন্তোষ চাহু আৰু অনুজ চাহু বুলি চিনাক্ত কৰা হৈছে ।