আগশাৰীৰ অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে বিশ্বব্যাপী স্বয়ংচালিত বিতৰক ইঞ্চকেপৰ সহযোগত দেশখনত বাণিজ্যিক পৰিবহনৰ দৃশ্যপটত বিপ্লৱ আনিবলৈ নিজৰ প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ থাইলেণ্ডত বাণিজ্যিক বাহন বিক্ৰী আৰু সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰতিষ্ঠানটোৱে টাটা ছুপাৰ এছ, টাটা আল্ট্ৰা টি.৯, টাটা আল্ট্ৰা টি.১৪ আৰু ফ্লেগশ্বিপ টাটা প্ৰাইমা ৫০৩৮.এছকে ধৰি নতুন যুগৰ ট্ৰাকসমূহৰ এক আকৰ্ষণীয় লাইন-আপ(গাড়ীৰ সূচী) মুকলি কৰিছে, যিবোৰত আছে মূল্য-সংযোজন সেৱা, যেনে টাটা প্ৰটেক্ট আৰু টাটা অ’কে।
২০২৩ চনৰ এপ্ৰিল মাহত থাইলেণ্ডত টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ বিতৰক হিচাপে ইঞ্চকেপ পিএলচিৰ সৈতে অংশীদাৰিত্ব কৰিছে। সমগ্ৰ থাইলেণ্ডতে গ্ৰাহকসকলে যাতে সমৰ্থন আৰু সেৱাৰ সহজ প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰে, তাৰ বাবে ইঞ্চকেপ পিএলচিয়ে গ্ৰাহকসকলক নিৰৱচ্ছিন্ন সহায় প্ৰদান কৰাৰ বাবে কৌশলগতভাৱে অৱস্থিত বিক্ৰী, সেৱা আৰু স্পেয়াৰ পাৰ্টছকে ধৰি ১৩টা গ্ৰাহক স্পৰ্শবিন্দুৰ এক বিস্তৃত নেটৱৰ্ক স্থাপন কৰিব।
এই ঘোষণাত উৎসাহ ব্যক্ত কৰি ইঞ্চকেপ (থাইলেণ্ড) কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক চাৰ্নচাই মহন্তকুনে কয় যে, “থাইলেণ্ড আৰু বিদেশত স্বয়ংচালিত ব্যৱসায় আৰু অভিজ্ঞতাৰ বিষয়ে ইঞ্চকেপৰ বুজাবুজিৰ সৈতে একত্ৰিত হৈ আমি থাই লজিষ্টিক আৰু বাণিজ্যিক বাহন উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছো।