টাটা এআইএ লাইফে মুকলি কৰিলে মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স পেঞ্চন ফাণ্ড

5

অৱসৰৰ পৰিকল্পনা এতিয়া কেৱল নিষ্ঠাৰে আপোনাৰ ধন সঞ্চয় কৰাতে সীমাৱদ্ধ নহয়- এয়া হৈছে নতুন প্ৰজন্মৰ আশা-আকাংক্ষা বজাই ৰখাৰ বাবে বুদ্ধিমত্তাৰে বিনিয়োগ কৰা। আজিৰ সময়ত অৱসৰৰ পিছত সুবিধা কামনা কৰা সকলে বিত্তীয় স্বতন্ত্ৰতাক ন ৰূপত সংজ্ঞায়িত কৰিছে, মানুহৰ বিকশিত জীৱনশৈলী, কেৰিয়াৰৰ উচ্চাকাংক্ষা আৰু দীৰ্ঘম্যাদী সম্পদৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি সমাধান বিচাৰিছে। ফায়াৰ (বিত্তীয় স্বতন্ত্ৰতা, আগতীয়া অৱসৰ) প্ৰজন্মই হওঁক, কেৰিয়াৰৰ পৰিৱৰ্তনক আঁকোৱালি লোৱা পেছাদাৰীসকলেই হওক বা নিজৰ উদ্যোগ গঢ়ি তোলা উদ্যোগীসকলেই হওক, তেওঁলোকে বিনিয়োগৰ পথ বিচাৰে, যিয়ে বিত্তীয় সুৰক্ষা আৰু সম্পদ সৃষ্টিৰ সুযোগ প্ৰদান কৰে।

বিত্তীয় সজাগতা বৃদ্ধিৰ লগে লগে আৰু ডিজিটেল ব্যৱহাৰৰ জনপ্ৰিয়তাই বিনিয়োগক সৰল কৰাৰ লগে লগে অভিনৱ, নমনীয় আৰু বৃদ্ধি-মুখী অৱসৰকালীন সমাধানৰ প্ৰয়োজনীয়তা বাঢ়িছে। এইখিনিতে পৰৱৰ্তী প্ৰজন্মৰ বিত্তীয় সামগ্ৰী যেনে-টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)ৰ শেহতীয়া এনএফঅ’, মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স পেঞ্চন ফাণ্ডৰ প্ৰয়োজনীয়তা অনুভৱ হৈছে।

টাটা এআইএৰ মুখ্য বিনিয়োগ বিষয়া হৰ্ষদ পাটিলে এই কথা সদৰি কৰি কয় যে, “আজি অৱসৰৰ পৰিকল্পনাৰ বাবে অধিক স্মাৰ্ট, অধিক কৌশলগত পদ্ধতিৰ প্ৰয়োজন।” পলিচীবজাৰৰ জীৱন বীমা বিভাগৰ মুখ্য ব্যৱসায়িক বিষয়া সন্তোষ আগৰৱালে কয় যে, “আমি সহজে উপলব্ধ সমাধানৰ জৰিয়তে এই পৰিৱৰ্তন মসৃণ কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” টাটা ডিজিটেলৰ বীমা বিভাগৰ মুখ্য ব্যৱসায়িক বিষয়া অমৃষ খেৰে কয় যে, “অৱসৰৰ বিনিয়োগবোৰ অন্বেষণ কৰি আপ্লুত অনুভৱ কৰিব পাৰে।”