ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্সে অংশগ্ৰহণকাৰী (প্ৰতিটো) পলিচিধাৰীসকলৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে এতিয়ালৈকে সৰ্বাধিক ২,১৭৩ কোটি টকাৰ বোনাছ পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে। এই পৰিশোধৰ জৰিয়তে ৮.৭৪ লাখতকৈ অধিক পলিচী লাভৱান হ’ব যি যোৱা বছৰৰ ১,৮৪২ কোটি টকাতকৈ ১৮% অধিক আৰু এয়া কোম্পানীটোৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বোনাছ ঘোষণা।
যোগ্য অংশগ্ৰহণকাৰী বীমা পৰিকল্পনাসমূহৰ মাজেৰে এই বোনাছ ঘোষণা কৰা হৈছে, যিয়ে গ্ৰাহকসকলক নিজৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ লগতে আপোনজনৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ অটল প্ৰতিশ্ৰুতিক সুদৃঢ় কৰিছে।
অন্যান্য অংশগ্ৰহণকাৰী পৰিকল্পনাসমূহৰ ভিতৰত টাটা এআইএ জীৱন বীমা স্মাৰ্ট মূল্য ইনকাম পৰিকল্পনা, টাটা এআইএ জীৱন বীমা শুভ ফ্লেক্সি ইনকাম পৰিকল্পনা, টাটা এআইএ শুভ মহা লাইফ, টাটা এআইএ লাইফ ইঞ্চুৰেন্স ডায়মণ্ড ছেভিংছ পৰিকল্পনা আৰু টাটা এআইএ লাইফ ইঞ্চুৰেন্স ভেল্যু ইনকাম পৰিকল্পনাৰ বাবে এই বোনাছ ঘোষণা কৰা হৈছে। (সংস্কৰণ আৰু অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি www.tataaia.com চাওক)
অংশগ্ৰহণকাৰী বীমা পৰিকল্পনা সাধাৰণতে “পাৰ” পৰিকল্পনা বুলি জনাজাত হৈছে জীৱন বীমা পলিচী যিয়ে পলিচিধাৰীৰ সৈতে লাভৰ ভাগ বনাছৰ ৰূপত ভাগ কৰে। এই বোনাছসমূহ নিশ্চিত নহ’লেও, সাধাৰণতে বীমা প্ৰতিষ্ঠানটোৰ অংশগ্ৰহণকাৰী (বা লাভজনক) পুঁজিৰ কাম-কাজৰ ওপৰত ভিত্তি কৰি প্ৰতি বছৰে ঘোষণা কৰা হয়।
পলিচীধাৰীসকলৰ বাবে এই বোনাছ ঘোষণা পলিচীহল্ডাৰৰ দীৰ্ঘম্যাদী আৰ্থিক প্ৰতিশ্ৰুতিৰ বাবে এক সুনিৰ্দিষ্ট পুৰস্কাৰ। শিশুৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰাই হওক, অৱসৰৰ পৰিকল্পনা কৰাই হওক, নিয়মীয়া আয়ৰ ধাৰা সৃষ্টি কৰাই হওক অথবা পৰিয়ালৰ সুৰক্ষাৰ জাল প্ৰস্তুত কৰাই হওক অংশগ্ৰহণকাৰী পৰিকল্পনাই জীৱন সুৰক্ষাৰ সৈতে অনুশাসিত সম্পদ সৃষ্টিৰ শক্তিশালী সংমিশ্ৰণ ঘটায়।
এই অভিলেখসংখ্যক বোনাছ টাটা এআইএৰ আৰ্থিক শক্তি আৰু অনুশাসিত পুঁজি পৰিচালনাৰ প্ৰত্যক্ষ প্ৰমাণ। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে এচেটছ আণ্ডাৰ মেনেজমেণ্ট (এ ইউ এম) বছৰি ১৮% বৃদ্ধি পাই ১,৪৫,৬১৭ কোটি টকা হৈছে, পলিচিধাৰীসকলে ধাৰাবাহিক, দায়িত্বশীল বৃদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত প্ৰতিষ্ঠান এটাৰ পৰা লাভৱান হৈয়েই আছে।
টাটা এআইএ লাইফ ইন্সুৰেঞ্চৰ নিযুক্ত এচ্যুৱেৰী ক্ষীতিজ শৰ্মাই এই বিষয়ে কয় যে, “আমি আমাৰ অংশগ্ৰহণকাৰী পলিচীধাৰীসকলৰ বাবে অভিলেখ সংখ্যক বোনাছ পৰিশোধৰ আন এক মাইলৰ খুঁটিৰ বছৰ ঘোষণা কৰিবলৈ পাই অতিশয় আনন্দিত। এই অভিলেখসংখ্যক বোনাছ ঘোষণাই টাটা এআইএ-ৰ শৃংখলাবদ্ধ বিনিয়োগ কৌশল, বিচক্ষণ পুঁজি ব্যৱস্থাপনা আৰু আমাৰ পলিচীধাৰকসকলক দীৰ্ঘম্যাদী মূল্য প্ৰদান কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। আমি আমাৰ পলিচীধাৰকসকলে আমাৰ ওপৰত ৰখা আস্থাক সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দীৰ্ঘম্যাদী বিত্তীয় আকাংক্ষাৰ সৈতে সংগতি ৰাখি সুৰক্ষা, স্থিৰতা আৰু বহনক্ষম সম্পদ সৃষ্টি প্ৰদান কৰা সেৱানৰ জৰিয়তে বিত্তীয় ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিছোঁ।”
