টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ’, যি পৰিয়ালৰ প্ৰয়োজন অনুসৰি সালসলনি কৰিব পৰা নমনীয় পৰিশোধৰ সৈতে নিয়মীয়া আয়ৰ বিকল্প প্ৰদান কৰা টাটা এআইএ-ৰ প্ৰথমটো কেন্সাৰ প্লেন। ইয়াৰ লগতে মুকলি কৰা হৈছে ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড’, যি এক সঞ্চয়ভিত্তিক হেল্থ ফাণ্ডআৰু ইয়াৰ পৰা চিকিৎসাৰ বাবে কৰ-মুক্ত ধন উলিওৱাৰ সুবিধা পোৱা যায়। ৰাজন (কাল্পনিক নাম) নামৰ এজন ৪১ বছৰীয়া জ্যেষ্ঠ পৰিচালকৰ যেতিয়া এই ৰোগ ধৰা পৰিছিল, তেতিয়া তেওঁৰ দুটা সন্তান স্কুলত পঢ়ি আছিল আৰু গৃহ ঋণৰ ১১ বছৰ বাকী আছিল। অৱসৰৰ পৰিকল্পনা আৰু সন্তানৰ শিক্ষাৰ পুজি বাচকবনীয়াকৈ তৈয়াৰ কৰি ৰাখিছিল, কিন্তু “কেন্সাৰ” শব্দটো তেওঁৰ জীৱনৰ তালিকাৰ ক’তো নাছিল—আৰু এই কথাই তেওঁক শংকিত কৰি তুলিছিল। তেওঁৰ স্বাস্থ্য বীমা আছিল, যাৰ দ্বাৰা চিকিৎসালয়ৰ খৰচ যেনে—ৰেডিয়েচন, কেম’থেৰাপী, অস্ত্ৰোপচাৰ আদি সকলো কভাৰ হ’লহেঁতেন। কিন্তু পৰৱৰ্তী কেইবামাহৰ পুনৰ্সংস্থাপনৰ সময়ছোৱাৰ কি হ’ব? তেওঁ পৰ্যাপ্ত ছুটী পাবনে, নে বিনা দৰমহাৰ ছুটী ল’ব লাগিব? কাৰণ ঘৰৰ ইএমআই, সন্তানৰ স্কুলৰ মাচুল, ঘৰুৱা খৰচ আৰু বছৰ বছৰ ধৰি প্ৰদান কৰি অহা এছআইপিসমূহ হঠাতে বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছিল। কেন্সাৰে মানুহজনৰ জীৱনৰ সকলো পৰিকল্পনা বাতিল কৰিবলৈ ওলাইছিলনে? ৰাজনৰ এই উদ্বেগে দেশৰ লাখ লাখ ভাৰতীয় পৰিয়ালৰ বাস্তৱ ছবিখনকে প্ৰতিফলিত কৰে।
ডব্লিউএইচঅ’ৰ ইণ্টাৰনেচনেল এজেন্সী ফৰ ৰিচাৰ্চ অন কেন্সাৰৰ তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে ১.৫৭ নিযুততকৈও অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। কেন্সাৰ বীমাৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে যদিও ইয়াৰ এটা দিশ এতিয়াও বহু পৰিমাণে অনাদৃত হৈ আছে। কোনো সমাধান সূত্ৰ উলিওৱাৰ পূৰ্বে টাটা এআইএ-ই গ্ৰাহকসকলক এটা সৰল প্ৰশ্ন সুধিছিল: যদি আপোনাৰ কৰ্কট ৰোগৰ দৰে কোনো গুৰুতৰ ৰোগ ধৰা পৰে, তেন্তে আপুনি পইচাবোৰ কেনেকৈ লাভ কৰিবলৈ বিচাৰিব? ইয়াৰ পৰা লাভ কৰা ফলাফলবোৰে এই পুৰণি ধাৰণাটোক সলনি কৰি দিলে যে পৰিয়ালবোৰে কেৱল একেলগে এটা ডাঙৰ ধন বা পুঁজি পাবলৈ বিচাৰে। গ্ৰাহকৰ এই প্ৰয়োজনীয়তাক বুজি পাই টাটা এআইএ লাইফ ইঞ্চুৰেন্সে একেলগে দুটা ঐতিহাসিক বিকল্প মুকলি কৰাৰ কথা ঘোষণা কৰিছে: ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ’ আৰু ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড।’ টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ মুখ্য ব্যৱসায়িক বিষয়া সুজিত কোথিৰাই এই বিষয়ে সদৰি কৰি কয় যে, “ভাৰতীয় পৰিয়াল এটাত কৰ্কট ৰোগ ধৰা পৰিলে ই আৱেগিক আৰু আৰ্থিক দুয়োটা দিশৰ পৰাই জুৰুলা কৰিব পাৰে। ই এক স্থিৰ আয়ৰ প্ৰবাহ ব্যাহত কৰিব পাৰে, কাৰণ ৰোগীজনক সম্পূৰ্ণ সুস্থ হ’বলৈ আৰু উপাৰ্জনৰ ক্ষমতা ঘূৰাই পাবলৈ সময়ৰ প্ৰয়োজন হয়।”
সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ: আয়কো সুৰক্ষাৰ প্ৰয়োজন: এই প্লেনৰ অধীনত ৫০ লাখ টকালৈকে আৱৰণ পোৱা যায়, যি প্ৰতিটো পৰিয়ালৰ বাস্তৱ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণে ল’ব পাৰি: নিয়মীয়া আয়, ১০০% এককালীন ধন অথবা এই দুয়োটাৰে সংমিশ্ৰণ। ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড’-ত এটা ডায়গনষ্টিক বেনিফিট অন্তৰ্ভুক্ত আছে, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ চিকিৎসা পৰীক্ষাৰ খৰচত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত অভাৰচিজ ট্ৰীটমেণ্ট বুষ্টাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে ৰোগ ধৰা পৰাৰ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসাৰ বাবে অতিৰিক্ত ১০% কেন্সাৰ চাম এছিয়ৰ্ড প্ৰদান কৰে। দ্য হেল্থ ফাণ্ড: আপোনাৰ সঞ্চয়ৰ যুঁজো বন্ধ নহয়: এই ক্ষেত্ৰত সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড বজাৰত থকা আন যিকোনো আঁচনিতকৈ বহুখিনি আগবঢ়া। ইয়াৰ উপকাৰিতা, পৰিশোধৰ গাঁথনি আৰু যোগ্যতাৰ চৰ্তসমূহৰ বিষয়ে সবিশেষ জানিবলৈ www.tataaia.com দৰ্শন কৰক।
