অসমৰ নিৰ্বাচনী প্রচাৰ তুংগত উঠাৰ সময়ত এই কথা স্পষ্ট হৈ পৰিছে যে বিজেপি আৰু ইয়াৰ মিত্র দলৰ সুস্পষ্ট নীতি, শৃংখলাবদ্ধ প্রচাৰ আৰু অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু প্রভুত্বৰ বিশ্বাস ভৰা প্রতিশ্রুতিয়ে অসমৰ ভোটাৰ ৰাইজক ইতিমধ্যেই এক সিদ্ধান্তত উপনীত কৰাইছে যে ৰাজ্যখনত এইবাৰ অভিলেখ সংখ্যক আসনেৰে তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰ প্ৰতিষ্ঠা হ’ব। হোঁহকা-পিছলা কৰি হওঁ নওঁকৈ বিৰোধী দল বিলাকৰ মাজত এক মিত্রতা গঢ়ি উঠিল যদিও এই মিত্রতাত আৱদ্ধ দল বিলাকৰ আদৰ্শগত অৱস্থান সুমেৰু আৰু কুমেৰু। সম্মিলিত বিৰোধীয়ে অজাপৰ জাতীয়তাবাদী আদৰ্শৰ পথেৰে আগবাঢ়িব নে কংগ্ৰেছৰ তোষামোদৰ ৰাজনীতিক আকোৱালি ল’ব? অসমত খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত হ’ব নে বংগমূলীয় মুছলমানৰ আধিপত্য বিস্তাৰিত হ’ব? এনেবোৰ প্রশ্নই এতিয়া বিৰোধীৰ ৰাজনীতি সন্দৰ্ভত অসমৰ ভোটাৰ ৰাইজক বিভ্রান্ত কৰিছে। আনহাতে আদর্শগত বিষয়ৰ উর্দ্ধত গৈ এক ন্যূনতম উমৈহতীয়া কার্যসূচীও নাই বিৰোধীৰ হাতত। স্বাভাৱিকতেই এই নির্বাচনত দুর্বল হৈ পৰিছে বিৰোধীৰ ভূমিকা যিটো শক্তিশালী গণতন্ত্ৰৰ পৰিপন্থী। তেনেস্থলত তেওঁলোকে ৰাইজৰ আস্থা আৰু সমর্থন বিচাৰি যোৱা কথাটো পর্বতত কাছ কণী বিচৰাৰ লেখিয়া হৈ পৰিছে।
তাৰ বিপৰীতে বিজেপিৰ নীতি অতি স্পষ্ট। বিজেপিৰ নীতিত তোষামোদৰ ৰাজনীতিৰ কোনো স্থান নাই। ভাৰতীয় সনাতনী সংস্কৃতিৰ সুৰক্ষা আৰু খিলঞ্জীয়া নাগৰিকৰ প্ৰভুত্ব অক্ষুন্ন ৰাখিবলৈ আমাৰ দল বদ্ধপৰিকৰ। কালি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্র কিশোৰ কুমাৰ ভট্টাচার্যই এইদৰে কয়। ভট্টাচার্যই লগতে কয় যে বিগত ১০ টা বছৰত দলটোৱে ভাষা-সংস্কৃতিৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুন্ন ৰাখিবলৈ কৰা কামবোৰে অসমৰ ৰাইজক এইদৰে আশ্বস্ত কৰিছে যে এতিয়া আৰু অসমৰ ৰাইজে নীতি আৰু দিশাহীন বিৰোধীৰ ৰাজনীতিৰ প্রতি কোনো আকর্ষণ অনুভৱ নকৰে। ইতিমধ্যে বিজেপি দলে নির্বাচন উপলক্ষে প্রকাশ কৰা নিজৰ সংকল্প পত্রত সন্নিবিষ্ট ৩১ টা সংকল্পত স্পষ্ট হৈ আছে খিলঞ্জীয়া লোকৰ প্রতি দলটোৰ দায়বদ্ধতা আৰু জাতি, ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ প্রতিশ্রুতি।
“অবৈধ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিস্কৰণ) আইন, ১৯৫০” কঠোৰভাৱে কার্যকৰীকৰণৰ প্রতিশ্রুতি, অনুপ্ৰৱেশকাৰীৰ পৰা বেদখলীকৃত প্রতি ইঞ্চি ভূমি মুক্ত কৰা, মিছন বসুন্ধৰাৰ অধীনত অসমৰ সকলো প্রকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা, সত্র, নামঘৰ, দেৱালয় তথা অন্যান্য সাংস্কৃতিক ঐতিহ্যবাহী স্থলৰ বেদখলীকৃত ভূমি মুক্ত কৰি অসম দর্শন আঁচনিৰ অধীনত বিত্তীয় সাহাৰ্য্য প্রদান কৰা, সত্র আয়োগক শক্তিশালী কৰা, মধুপুৰ সত্ৰৰ পুণঃর্নিমাণ, ঐতিহাসিক তলাতল ঘৰৰ পুণঃনির্মাণ, ষষ্ঠ অনুসূচীৰ অঞ্চল আৰু জনজাতীয় লোকসকলক বাদ দি সম নাগৰিক সংহিতা (ইউ.চি.চি.) ৰূপায়ণ কৰা, লাভ জেহাদ প্রতিৰোধৰ বাবে কঠোৰ আইন প্রণয়ন আদি প্রতিশ্রুতিয়ে অসমৰ ভোটাৰ ৰাইজক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে যাৰ ফলত নির্বাচনলৈ এসপ্তাহ বাকী থাকোতেই অসমত পুনৰ এনডিএ চৰকাৰ গঠন হোৱাৰ স্পষ্ট প্রতিচ্ছবি দেখিবলৈ পোৱা গৈছে। আনহাতে এই কথাৰ উমান পাইয়েই যেন বিৰোধীয়েও শেষ যুদ্ধৰ আগতেই আত্মসম্পন কৰিবলৈ ওলাইছে।
