স্পেইনে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰে, য’ত ফিটনেছৰ চিন্তাৰ সত্ত্বেও ১৮ বছৰীয়া লমিন ইয়ামালো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬। এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব। স্পেইনৰ মুখ্য প্ৰশিক্ষক লুইছ ডি লা ফুয়েণ্টেয়ে ইউএফএ ইউৰো ২০২৪ত জয়ী হোৱা দলটোৰ আৰ্হিত এটা দল নিৰ্বাচন কৰিছে। এফ চি বাৰ্চিলোনাৰ হৈ খেলা লামিন ইয়ামালে স্পেইনৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ বাবে আক্ৰমণাত্মক শক্তি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। মিডফিল্ডাৰ ফাৰ্মিন লোপেজৰ ভৰি ভঙাৰ ফলত যোৱা সপ্তাহত অস্ত্ৰোপচাৰ কৰা হৈছিল, যাৰ ফলত তেওঁ বিশ্বকাপত অংশ ল’ব নোৱাৰিব।
স্পেইনৰ মিডফিল্ডত পেড্ৰি, ৰড্ৰি, ফেবিয়ান ৰুইজৰ দৰে খেলুৱৈয়ে দলটোৰ মেৰুদণ্ড গঠন কৰিব, আনহাতে নিকো উইলিয়ামছ, ডানি অলমো, ফেৰাণ টৰেছে নিজৰ সৃষ্টিশীলতা আৰু গতিৰে বেক এণ্ডত আক্ৰমণাত্মক ভাবুকি প্ৰদান কৰিব। বিশ্বকাপৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে স্পেইনৰ ৰাষ্ট্ৰীয় ফুটবল দলে ৪ আৰু ৮ জুনত ইৰাক আৰু পেৰুৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ বিৰুদ্ধে দুখন প্ৰীতি মেচ খেলিব। ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এইচত স্পেইনৰ লগতে কেপ ভাৰ্ডে, চৌদি আৰব, আৰু উৰুগুৱেৰ জাতীয় দল ড্ৰ’ হৈছে। ১৪ জুনত কেপ ভাৰ্ডেৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব।
ফিফা বিশ্বকাপ ২০২৬ৰ বাবে স্পেনিছ দল: গ’লৰক্ষক : উনাই ছিমন, ডেভিদ ৰায়া, জোয়ান গাৰ্চিয়া। ডিফেণ্ডাৰ : মাৰ্ক কুকুৰেলা, আলেজান্দ্ৰ’ গ্ৰীমাল্ডো, পাউ কুবেৰ্জাছ, আয়মেৰিক লাপ’ৰ্ট, মাৰ্ক পুবিল, এৰিক গাৰ্চিয়া, মাৰ্কছ ল’ৰেণ্টে, পেড্ৰ’ প’ৰ’। মিডফিল্ডাৰ: পেড্ৰি, ফেবিয়ান ৰুইজ, মাৰ্টিন জুবিমেণ্ডি, গাভি, ৰড্ৰি, এলেক্স বায়েনা, মাইকেল মেৰিনো, মাইকেল অয়াৰজাবাল।ফৰৱাৰ্ড : ডানি অলমো, নিকো উইলিয়ামছ, জেৰেমি পিনো, ফেৰাণ টৰেছ, বৰ্জা ইগলেছিয়াছ, ভিক্টৰ মুওজ, লেমিন ইয়ামাল।
