চনী ইণ্ডিয়াই চিনেমা লাইন ছিৰিজত ‘এফএক্স৫’ নামৰ এটা নতুন ফুল-ফ্ৰেম কেমেৰা মুকলি কৰিছে। পেছাদাৰী ছবি নিৰ্মাতা আৰু ভিডিঅ’ নিৰ্মাতাসকলক লক্ষ্য কৰি নিৰ্মাণ কৰা এই কেমেৰাটোত ইণ্টাৰনেল ৰ’ ৰেকৰ্ডিং, অপেন গেট শ্বুটিং আৰু উন্নত ইমেজ প্ৰচেছিং প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৬ চনত ২ নৱেম্বৰত মুকলি কৰা এই কেমেৰাটোত নতুনকৈ বিকশিত কৰা সম্পূৰ্ণ ষ্টেকড্ এক্সম’ৰ আৰ এছ চিএমঅ’এছ ইমেজ চেন্সৰ আৰু এটা ডেডিকেটেড এআই প্ৰচেছিং ইউনিটৰ সৈতে বায়’নজ এক্সআৰ২ ইমেজ প্ৰচেছিং ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। ইয়াত ১৫ ষ্টপতকৈও অধিক ডাইনেমিক ৰেঞ্জ, ৩টা বেচ আইএছঅ’ ছেটিং (৮০০, ৪০০০ আৰু ১২৮০০) আৰু উন্নত ছবিৰ মানদণ্ড তথা নইজ হ্ৰাস কৰিবলৈ ডুৱেল গেইন শ্বুটিং প্ৰযুক্তি আগবঢ়োৱা হৈছে।
চনীৰ এফএক্স ছিৰিজত পোনপ্ৰথমবাৰৰ বাবে এফএক্স৫ কেমেৰাই অপেন গেট শ্বুটিং আৰু কেমেৰাৰ ভিতৰতে চনীৰ নিজস্ব ১৬-বিট এক্স-অ’চিএন ৰ’ ফৰ্মেটত ৰেকৰ্ডিং কৰাটো সমৰ্থন কৰে। ই ছেকেণ্ডত ৬০ ফ্ৰেমলৈকে ৫কে, ১২০ ফ্ৰেমলৈকে ৪কে আৰু ২৪০ ফ্ৰেমলৈকে ফুল এইচডি ভিডিঅ’ ৰেকৰ্ডিং কৰিব পাৰে। ইয়াৰ উপৰিও কেমেৰাটোত এআই-পৰিচালিত অট’ফ’কাচ, ফাইভ-এক্সিল ইন-বডী ইমেজ ষ্টেবিলাইজেচন, এডভান্সড চাবজেক্ট ট্ৰেকিং আৰু পেছাদাৰী প্ৰডাকচন পৰিৱেশৰ উপযোগী এটা সংপৃক্ত ডিজাইন প্ৰদান কৰা হৈছে।
চনী ইণ্ডিয়াই কেমেৰাটোৰ সৈতে ব্যৱহাৰ কৰিব পৰা দুটা বৈকল্পিক এক্সেচৰীজ বা সামগ্ৰীও বজাৰত মুকলি কৰিছে; সেইকেইটা হ’ল এটা ডিটেচেবল (খুলিব পৰা) অ’এলইডি ভিউফাইণ্ডাৰ আৰু ৯৬কেহাৰ্টজ/৩২-বিট ফ্ল’ট অডিঅ’ ৰেকৰ্ডিং সমৰ্থনযোগ্য এটা এক্সএলআৰ হেণ্ডেল ইউনিট। চনী ইণ্ডিয়াৰ ইমেজিং এণ্ড প্ৰফেচনেল চল্যুচন বিজনেছ শাখাৰ মুৰব্বী মুকেশ শ্ৰীবাস্তৱে কয় যে, আধুনিক ছবি নিৰ্মাতাসকলৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু অধিক সৃজনীমূলক স্বতন্ত্ৰতা প্ৰদান কৰিব পৰাকৈ এফএক্স৫ ডিজাইন কৰা হৈছে। ২ নৱেম্বৰৰ পৰা সমগ্ৰ দেশৰ চনীৰ কৰ্তৃত্বপ্ৰাপ্ত ৰিটেইল আউটলেট, চনী কেমেৰা লাউঞ্জ, আলফা ফ্লেগশ্বিপ ষ্টৰ, চনী চেণ্টাৰ, ShopatSC.com আৰু প্ৰধান ইলেক্ট্ৰনিক ষ্ট’ৰসমূহত এফএক্স৫ কেমেৰাটো বৈকল্পিক সামগ্ৰীসমূহৰ সৈতে ক্ৰয় কৰিবলৈ উপলব্ধ হৈছে।
