ৰেন’ ইণ্ডিয়াই দীপাৱলীৰ পূৰ্বে ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিড ই-টেক ১৬০ বাহনৰ গ্ৰাহক ডেলিভাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি দেশজুৰি ৰিটেইল নেটৱৰ্ক সম্প্ৰসাৰণ ৰণকৌশলৰ অংশ হিচাপে হায়দৰাবাদৰ হাইটেক চিটীত প্ৰতিষ্ঠানটোৰ আটাইতকৈ ডাঙৰ শ্ব’ৰুমটো উদ্বোধন কৰা হৈছে।
৮ খন বাহন প্ৰদৰ্শন কৰিব পৰা এই নতুন ৭,০০০ বৰ্গফুটৰ শ্ব’ৰুমটোত প্ৰথমখন এছইউভি বাহনৰ ডেলিভাৰী কৰা হয়। ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন বিভাগৰ উপাধ্যক্ষ ফ্ৰান্সিস্কো হিডালগোৱে এদুজী একাডেমীৰ চিইঅ’ টি কৃষ্ণ গোপালক গাড়ীৰ চাবিটো হস্তান্তৰ কৰে। এই আউটলেটটো ভাৰতত ৰেন’ৰ ৩০ সংখ্যক নতুন আৰ ষ্টোৰ আৰু হায়দৰাবাদত ই আটাইতকৈ ডাঙৰ আউটলেট।
হিডালগোৱে কয় যে পৰিকল্পনা কৰাৰ এবছৰৰ ভিতৰতে হাইব্ৰিড মডেলটো বজাৰলৈ অনাৰ লক্ষ্য কোম্পানীটোৱে পূৰণ কৰিছে। হিডালগোৱে লগতে কয় যে, গাড়ীখনৰ বুকিঙৰ সঁহাৰিয়ে হাইব্ৰিড প্ৰযুক্তিৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতাকে প্ৰতিফলিত কৰিছে। ২০২৬ চনৰ ১৭ অক্টোবৰত ১৬.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ প্ৰাৰম্ভিক মূল্যত মুকলি কৰা ডাষ্টাৰ ষ্ট্ৰং হাইব্ৰিড ই-টেক ১৬০ হৈছে ৰেন’ ইণ্ডিয়াৰ ফিউচাৰৰেডী ৰেডমেপৰ অধীনত প্ৰথমটো ইলেক্ট্ৰিফাইড সামগ্ৰী।
গুৱাহাটী মহানগৰীত এই ষ্ট্ৰং-হাইব্ৰিড এছইউভিখনৰ মুকলিয়ে ইন্ধন-সঞ্চয়ী বাহন, উন্নত প্ৰযুক্তি আৰু বহুমুখী সুবিধাসম্পন্ন এছইউভি বিচৰা প্ৰিমিয়াম বাহন ক্ৰেতাসকলৰ মাজত আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। এই উন্নয়নমূলক পদক্ষেপে উত্তৰ-পূব ভাৰতৰ উদীয়মান চহৰীয়া বজাৰসমূহত হাইব্ৰিড বাহনৰ সম্ভাৱনাকো প্ৰকাশ কৰিছে।
হায়দৰাবাদৰ এই প্ৰতিষ্ঠানটো হৈছে ভিভিচি গ্ৰুপৰ দ্বাৰা পৰিচালিত ৰেন’ৰ তৃতীয়টো শ্ব’ৰুম। কোম্পানীটোৱে ২০২৭ চনৰ জুলাই মাহৰ ভিতৰত ২৪খন মুখ্য চহৰৰ শ্ব’ৰুমসমূহ উন্নীতকৰণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে চিহ্নত কৰা ৭৩টা আউটলেটৰ ভিতৰত ইতিমধ্যে ৩০ টা আউটলেটে নতুন আৰ ফৰ্মেট গ্ৰহণ কৰিছে।
