ছিকিমত অনুষ্ঠিত হ’বলগীয়া ১৬সংখ্যক নৰ্থ-ইষ্ট ৰাইডাৰ্ছ মীট (এনইআৰএম) ২০২৬ৰ অফিচিয়েল ছেফটি পাৰ্টনাৰ আৰু একমাত্ৰ হেলমেট ব্ৰেণ্ড হোৱাৰ লগতে ৰাইডিং কমিউনিটী এষ্টাৰাইডৰ দ্বাৰা আয়োজিত ১,৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক মটৰচাইকেল অভিযানত সহযোগিতা আগবঢ়াই এছএমকে-ই উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে।
নৰ্থ-ইষ্ট ৰাইডাৰ্ছ মীট ২০ৰ পৰা ২২ নৱেম্বৰলৈ ছিকিমৰ নামচিৰ নামথাঙৰ লিংখিম টাৰত অনুষ্ঠিত হ’ব। এছএমকে-ই নামথাঙৰ লিংখিম টাৰত এটা বিশেষ ২০ ফুট x ২০ ফুট জোখৰ ষ্টল স্থাপন কৰিব, য’ত সামগ্ৰীৰ প্ৰদৰ্শনী, হেলমেটৰ ফিটিং আৰু সুৰক্ষাৰ মানদণ্ড সন্দৰ্ভত বিশেষজ্ঞৰ পৰামৰ্শ আৰু আৰোহীসকলৰ সৈতে মত-বিনিময়মূলক কাৰ্যসূচী থাকিব।
আনহাতে, এছএমকে হৈছে ১৪ৰ পৰা ১৯ নৱেম্বৰলৈ দিল্লী আৰু জয়পুৰৰ পৰা ছিকিমৰ জংগুৰ ছিকিম ৰাইডাৰ্ছ মীট ২০২৬-লৈ আয়োজিত ইষ্টবাউণ্ড নামৰ যাত্ৰাৰো একমাত্ৰ হেলমেট অংশীদাৰ। এই অভিযানত ২২ গৰাকী আৰোহীয়ে অংশগ্ৰহণ কৰিছে, যিসকলে গোৰখপুৰ আৰু শিলিগুৰি হৈ এছএমকেৰ টাইফুন, এৰেছ, ৰেট্ৰ’, গালউইং আৰু আগ্নাৰ হেলমেট পৰিধান কৰি যাত্ৰা কৰিছে।
এছএমকে-ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ ভূষণ খুৰানাই এই বিষয়ে কয় যে, এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ধিত মটৰচাইকেল আৰোহী সমাজৰ সৈতে জড়িত হোৱা আৰু পথ সুৰক্ষাৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত কোম্পানীটোৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে।
এই পদক্ষেপসমূহে গুৱাহাটী মহানগৰীক প্ৰিমিয়াম মটৰচাইকেল হেলমেট আৰু ৰাইডিং সামগ্ৰীৰ বজাৰ হিচাপে উত্তৰ-পূব ভাৰতৰ বৰ্ধিত গুৰুত্বক তুলি ধৰিছে। অঞ্চলটোৰ প্ৰসাৰিত ৰাইডিং সংস্কৃতি, প্ৰত্যাহ্বানপূৰ্ণ পথৰ অৱস্থা আৰু সংগঠিত মটৰচাইকেলকেন্দ্ৰিক অনুষ্ঠানসমূহৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহে ব্ৰেণ্ডসমূহক গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সুৰক্ষাকেন্দ্ৰিক ৰাইডিং গিয়াৰৰ প্ৰচাৰ কৰাৰ সুযোগ প্ৰদান কৰিছে।
