বলীউডৰ ব্লকবাষ্টাৰ ছবি কভি খুছি কভি গম-ৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এয়াৰবিএনবি-এ মায়ানগৰী মুম্বাইত ছবিখনৰ ঐতিহাসিক ৰায়চান্দ হাউছক পুনৰ জীৱন্ত কৰি তুলিছে, যাৰ জৰিয়তে অনুৰাগীসকলে বহু চৰ্চিত এই পৰিয়ালটোৰ পুনৰ নিৰ্মিত ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব।
এট হোম উইথ দ্য ৰায়চান্দছ শীৰ্ষক এই বিশেষ অনুষ্ঠানটো ২০০১ চনৰ ছবিখনৰ পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে আয়োজন কৰিব। ২০২৬ চনৰ ১ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই দুঘণ্টীয়া অভিজ্ঞতাৰ বাবে মাত্ৰ ১৮০ খন নিমন্ত্ৰণী পত্ৰহে উপলব্ধ হ’ব।
অতিথিসকলে ছবিখনৰ সেই চিৰপৰিচিত বিশাল চিৰি, পাৰিবাৰিক অধ্যয়ন কক্ষ, বৈঠকখানা (লিভিং ৰুম) আৰু ‘পু’ৰ বিখ্যাত কাপোৰৰ আলমাৰীটোৰ পুনৰ নিৰ্মিত ৰূপ চাব পাৰিব। ইয়াৰ লগতে এক বিশেষ অডিঅ’ ট্যুৰ, বিভিন্ন আকৰ্ষণীয় কাৰ্যকলাপ, পৰম্পৰাগত আদৰণি, ছবিখনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ব্যক্তিগত বাৰ্তা লিখাৰ সুযোগ আৰু বিশেষ স্মাৰক উপহাৰ আদি অন্তৰ্ভুক্ত থাকিব।
কৰণ জোহৰে এই বিষয়ে কয় যে, এই পদক্ষেপৰ জৰিয়তে বিভিন্ন প্ৰজন্মৰ অনুৰাগীসকলে বিগত ২৫ বছৰে মনত সাঁচি ৰখা এখন কাল্পনিক জগতখনক বাস্তৱত অনুভৱ কৰিব পাৰিব। অভিনেতা হৃত্বিক ৰোশন আৰু কৰীণা কাপুৰ খানেও এই পদক্ষেপৰ জৰিয়তে নিজৰ নিজৰ বহুলসমাদৃত চৰিত্ৰ ‘ৰোহন’ আৰু ‘পু’ৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে।
অহা ২৩ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা airbnb.com/k3gৰ জৰিয়তে বুকিঙৰ বাবে আবেদন কৰিব পাৰিব। এই অভিজ্ঞতা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু প্ৰতিখন নিমন্ত্ৰণী পত্ৰত এজন অতিথিৰ লগতে এজন সংগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলৰ এটা সক্ৰিয় এয়াৰবিএনবি প্ৰ’ফাইল, ইতিবাচক ৰিভিউৰ ইতিহাস আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৈধ পৰিচয় পত্ৰ থাকিব লাগিব। মুম্বাইলৈ অহা-যোৱাৰ ভ্ৰমণ ব্যয় অতিথিসকলে নিজেই বহন কৰিব লাগিব। এয়াৰবিএনবি-এ স্পষ্ট কৰি দিছে যে এই অনুষ্ঠানত কৰণ জোহৰ, হৃত্বিক ৰোশন অথবা কৰীণা কাপুৰ খান সোশৰীৰে উপস্থিত নাথাকে।
