বিশ্বজুৰি শক্তি খণ্ডত অব্যাহত থকা তীব্ৰ সংঘাতৰ মাজতে বুধবাৰে ১৯৫.৫০ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ ফলত খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিস্থিতিৰ বৃদ্ধি পায় ৰন্ধন গেছৰ মূল্য। অৱশ্যে পৰিয়ালসমূহক আংশিক সকাহ প্ৰদান কৰি ঘৰুৱা ৰন্ধন গেছৰ হাৰ বৰ্তমান অপৰিৱৰ্তিত ৰাখিছে চৰকাৰী তেল কোম্পানীসমূহে।
চৰকাৰী তেল কোম্পানীসমূহৰ তথ্য অনুসৰি ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য দিল্লীত ২০৭৮.৫০ টকালৈ বৃদ্ধি পাইছে। আনহাতে কলকাতাত এই বৃদ্ধিৰ হাৰ আৰু অধিক হোৱা পৰিলক্ষিত হৈছে, য’ত প্ৰতিটো চিলিণ্ডাৰত ২১৮ টকাকৈ বৃদ্ধি কৰিছে কৰ্তৃপক্ষই। যোৱা ১ মাৰ্চত অন্তিমবাৰৰ বাবে বাণিজ্যিক চিলিণ্ডাৰত এলপিজিৰ হাৰ ১১৪.৫ টকা বৃদ্ধি কৰিছিল তেল প্ৰতিষ্ঠানসমূহে।
হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ ফলত বিশ্বজনীন শক্তি যোগানৰ শৃংখলত এক বৃহৎ ব্যাঘাতৰ সৃষ্টি হৈছে। ইয়াৰ পৰিণতিতে পশ্চিম এছিয়াৰ যুদ্ধই শক্তি যোগানত বাধাৰ সৃষ্টি কৰাৰ পিছত বিশ্বজুৰি তেলৰ মূল্য প্ৰায় ৫০ শতাংশ বৃদ্ধি হোৱা দেখা গৈছে। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ এনে উত্থান-পতনে অনাগত দিনত ভাৰতীয় বজাৰত অধিক প্ৰভাৱ পেলাব পাৰে।
আনহাতে যোৱা ৭ মাৰ্চত ৬০ টকা বৃদ্ধি পোৱা ঘৰুৱা ৰন্ধন গেছৰ হাৰ বৰ্তমান সুস্থিৰ হৈ আছে। দিল্লীত প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰৰ মূল্য বৰ্তমান ৯১৩ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে চৰকাৰী মালিকানাধীন ভাৰতীয় তেল নিগম, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামে আন্তঃৰাষ্ট্ৰীয় মান আৰু বিনিময় হাৰৰ ভিত্তিত প্ৰতি মাহৰ প্ৰথম দিনটোতে এই মূল্য সংশোধন কৰে।
পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ ক্ষেত্ৰত যোৱা বছৰৰ মাৰ্চ মাহৰ পিছৰে পৰা কোনো সালসলনি কৰা নাই তেল কোম্পানীসমূহে। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ খুচুৰা মূল্য ৯৪.৭২ টকা আৰু ডিজেলৰ মূল্য ৮৭.৬২ টকা হৈ আছে। প্ৰতি লিটাৰত ২ টকা হ্ৰাস পোৱাৰ পিছৰে পৰা ইন্ধনৰ এই দৰ অপৰিৱৰ্তিত ৰাখিছে তেল প্ৰতিষ্ঠানসমূহে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ এই অস্থিৰতাই সাধাৰণ গ্ৰাহকৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
