প্রাণৰ শিল্পী জুবিন গাৰ্গ হত্যাগোচৰ পৰিসৰত সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ খাদ্য উদ্যোগটোৰ বাজেয়াপ্ত কৰিবলৈ আদালতত আবেদন জনাইছে এচ আই টিয়ে। তদন্তকাৰী সংস্থাই সিদ্ধাৰ্থ শৰ্মাৰ ১.১০ কোটি টকা বিনিয়োগৰ তথ্য লাভ কৰাৰ পিছত এই পদক্ষেপ গ্ৰহন কৰা হৈছে, যিহেতু জুবিন গাৰ্গক শোষণ কৰা টকাৰেই এই বিনিয়োগ কৰা হৈছিল। কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আইনী প্ৰক্ৰিয়াৰে উদ্যোগটো বাজেয়াপ্ত কৰাৰ বাবে আবেদন দাখিল কৰা হৈছে।
মহাবীৰ একুৱাত সিদ্ধাৰ্থ শৰ্মাৰ সৈতে অংশীদাৰ মালিক হিচাপে চেতন ধীৰাচাৰিয়াও আছে। অৱশ্যে, চেতন ধীৰাচাৰিয়াই একই উদ্যোগটো পুনৰ খুলি দিবলৈ আদালতত আবেদন জনাইছে, কিন্তু এচ আই টিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিছে।
বৰ্তমান এচ আই টিৰ আবেদনৰ ভিত্তিত আদালত বিপৰীত পক্ষলৈ জাননী জাৰি কৰিছে, আৰু সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পিছৰে পৰা উদ্যোগটো জব্দ কৰি ৰখা হৈছে।
