SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIৰ হাতত! অসমত উপস্থিত হৈ তদন্ত আৰম্ভ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

357

বৃহস্পতিবাৰে মৰিকলঙৰ উপ-পৰিদৰ্শক (এছ আই) জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কেন্দ্ৰীয় চৰকাৰে চি বি আইৰ হাতত অৰ্পণ কৰাৰ এদিন পিছতে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ এটা দলে জখলাবন্ধালৈ ৰাওনা হয়।

খবৰ অনুসৰি এছ আই জোনমনি ৰাভাৰ মৃত্যু হোৱা সংঘৰ্ষত জড়িত গাড়ী দুখনৰ তদন্ত কৰি তাৰ পিছত অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়লৈ যাব।

ইয়াত উল্লেখ কৰিব পাৰি যে ডি আই জি লাভলী কাটিয়াৰৰ তত্বাৱধানত চি বি আইৰ এটা দল দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল গোচৰৰ তদন্ত সংস্থাটোৰ হাতত অৰ্পণ কৰাৰ পিছত।

কেন্দ্ৰীয় চৰকাৰে জোনমনি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “ভাৰত চৰকাৰে জোনমণি ৰাভাৰ দুৰ্ভাগ্যজনক মৃত্যু সম্পৰ্কীয় গোচৰৰ তদন্ত কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ হাতত অৰ্পণ কৰিছে।”