শ্বপচিৰ গ্ৰেণ্ড মেলাত নতুন গ্ৰাহক আৰু বিক্ৰেতাৰ বৃদ্ধিৰ দুগুণ উত্থান,  গঢ়িলে নতুন অভিলেখ

456

ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হাইপাৰভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ শ্বপচিয়ে ১২ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ আয়োজন কৰা  শ্বপচি মেলাৰ চতুৰ্থ সংস্কৰণৰ সামৰণি পৰিছে, এই সময়ছোৱাত গ্ৰাহকৰ বাবে সুলভ মূল্যত আগবঢ়োৱা হয় বিভিন্ন প্ৰয়োজনীয় আৰু আকৰ্ষণীয় সামগ্ৰী। ইয়াৰ প্ৰমাণ হিচাপে এই সময়ছোৱাত শ্বপচিয়ে ১৬ কোটি+তকৈ অধিক সামগ্ৰীৰ বিনামূলীয়া ডেলিভাৰী আৰু বৃহৎ মূল্যৰ সৈতে আগবঢ়াইছিল।এই সময়ছোৱাত পুৰুষসকলে টি-চাৰ্ট আৰু জোতাৰ সৰ্বাধিক বজাৰ কৰিছিল। আনহাতে, মহিলাসকলে কুৰ্টী, শাৰী আৰু কাণফুলিৰ বজাৰ বেছিকৈ কৰিছিল। দেশৰ সবাতোকৈ দূৰৱৰ্তী অঞ্চলসমূহত সামগ্ৰী যোগান ধৰি শ্বপচিয়ে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰ যেনে গুৱাহাটী, কটক, গোৰখপুৰ আৰু মহীশূৰত গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, যিবোৰ চহৰত যথেষ্ট পৰিমাণে বিক্ৰী বাঢ়িছিল।

এই মেলাত ৪১% গ্ৰাহক আছিল প্ৰথমবাৰৰ বাবে বজাৰ কৰা নতুন ব্যৱহাৰকাৰী, ৬০% তকৈ অধিক গ্ৰাহক আছিল টায়াৰ ৩+ চহৰসমূহৰ। বিভিন্ন কেটেগৰীত বিবিধ মূল্যৰ সৈতে শ্বপচিয়ে নিজৰ উপভোক্তা আধাৰৰ অনন্য প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। এই সময়ছোৱাত আগবঢ়োৱা জনপ্ৰিয় অফাৰৰ ভিতৰত আছিল ৭৯/- টকাৰ তলৰ টিছ, ১২৯/- টকাতে পুৰুষৰ জোতা, ৮৫/- টকাতে শাৰী, ১৯/- টকাতে কিচ্চেন বেষ্টচেলাৰ সামগ্ৰী, ৩৩/- টকাতে ঘড়ী, আৰু ১২৯/- টকাতে বেডশ্বীট ইত্যাদি।

গ্ৰেণ্ড শ্বপচি মেলাৰ সময়ত প্ৰত্যক্ষ কৰা ট্ৰেণ্ডৰ বিষয়ে অৱগত কৰি ফ্লিপকাৰ্টৰ শ্বপচিৰ মুৰব্বী কপিল থিৰানীয়ে কয় যে, “শ্বপচিত আমাৰ লক্ষ্য হৈছে গ্ৰাহকসকলক এটা মাত্ৰ বুটাম স্পৰ্শ কৰি সকলোবোৰ সুলভ মূল্যত বিভিন্ন সামগ্ৰীৰ অতুলনীয় প্ৰৱেশাধিকাৰ প্ৰদান কৰি ভাৰতীয় বজাৰৰ অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰি তোলা। আমি স্থানীয় ব্যৱসায় আৰু বিক্ৰেতাসকলক সমৰ্থন কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱান্বিত, যিসকলে গ্ৰেণ্ড শ্বপচি মেলাৰ বাবে উৎসাহেৰে অপেক্ষা কৰি আছে যাতে ইয়াৰ সহায়ত অৰ্থনৈতিক সুযোগ আৰু মূল্য বৃদ্ধি কৰিব পাৰে।” বিভিন্ন অঞ্চলত দুগুণতকৈ অধিক গ্ৰাহকে সমাদাৰ লাভ কৰিছিল এই সময়ছোৱাত। দিল্লী এনচিআৰ, চুৰাট, জয়পুৰ, পানীপট আৰু ৰাজকোটৰ দৰে চহৰত বিক্ৰেতা সম্প্ৰসাৰণ কৰি আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাত এই অঞ্চলসমূহত বিক্ৰেতা আৰু অংশগ্ৰহণকাৰী বৃদ্ধি পাইছে।