পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি

147

নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা ২৫ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰে। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অভিনেতা মৃদুল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।প্ৰথম দিনা যোৰহাটৰ ৰঙ্গভূমি নাট্যদলে মঞ্চস্থ কৰে নাটক “যি কথা নহ’ল কোৱা”।নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা।উক্ত নিশা দ্বিতীয়খন নাটক পুৰণিগুদামৰ ৰঙ্গালয়ে মঞ্চস্থ কৰে “নীল নীলা নীলাম্বৰ”, উক্ত নাটকৰ নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰা। ২৬ মাৰ্চত নাটকৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াই।

উক্ত অনুষ্ঠানত নাট সমালোচক তথা বিষ্ণু ৰাভা বঁটা বিজয়ী নিলোৎপল বৰুৱাক ৰঙ্গালয়ে সম্বৰ্ধনা জনায়।নাট সমাৰোহৰ দ্বিতীয় নিশা প্ৰথম নাটক তেজপুৰৰ চিত্ৰলেখা ৰঙ্গশালাই মঞ্চস্থ কৰে নাটক “The Show Must Go On”. নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য্য কাকতি। দ্বিতীয় নাটক ডিব্ৰুগড়ৰ আখৰাঘৰে মঞ্চস্থ কৰে “Love You Zindegi”.নাট্যকাৰ-পৰিচালক অসীম কুমাৰ শৰ্মা আৰু তৃতীয় নাটক পশ্চিমবংগৰ উদীচী গোবৰডাঙ্গাই মঞ্চস্থ কৰে “আদাব”।নাট্যকাৰ সমৰেশ বসু, সম্পাদক আৰু পৰিচালক জয়দীপ বিশ্বাস। ২৭ মাৰ্চৰ নিশা নাটকৰ শুভ উদ্বোধন কৰে লোকসংগীতৰ শিল্পী দিলীপ তামুলীয়ে।উক্ত নাট্য সন্ধ্যাত উপস্থিত থাকে বিশিষ্ট অভিনেতা,পৰিচালক দুলাল ৰয়, বিশিষ্ট অভিনেতা উপকুল বৰদলৈ,বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া,নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কুলেন্দ্ৰ প্ৰসাদ দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।

নাট সমাৰোহত বিশিষ্ট অভিনেতা দুলাল ৰয়ে কয়, নগাঁও জিলাৰ পুৰণিগুদাম কঢ়ালীগাঁৱত ইমান গ্ৰামাঞ্চলৰ ভিতৰত এটা প্ৰেক্ষাগৃহত ইমান সুন্দৰকৈ নাটকৰ পৰিৱেশ সৃষ্টি হোৱাত আপ্লুত হৈ পৰিছো।নাট সমাৰোহখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰাত তেওঁ ৰঙ্গালয়ক প্ৰসংশা কৰে।লগতে দুলাল ৰয়ে তেওঁৰ নাটকখন উপভোগ কৰাৰ বাবে দৰ্শকসকলক ধন্যবাদ জনায়।উল্লেখযোগ্য যে, কালি বিশ্ব নাট্য দিৱসত এখন বিদেশী নাটক মঞ্চস্থ কৰি নাট সমাৰোহৰ সামৰণি মাৰে। যোৱা নিশা প্ৰথম নাটক গুৱাহাটীৰ ৰঙ্গপীঠে মঞ্চস্থ কৰে বিশ্ববিখ্যাত ফৰাছী নাট্যকাৰ ইউজিন আয়োনেস্কোৰ “The Lesson”। নাটকৰ অসমীয়া অনুবাদ আৰু পৰিচালক দুলাল ৰয়। দ্বিতীয় নাটক পুৰণিগুদামৰ ভাস থিয়েটাৰে মঞ্চস্থ কৰে “এটা গল্পৰ দ্বিতীয় খণ্ড”। নাট্যকাৰ মৃণাল কুমাৰ বৰা আৰু পৰিচালক অঞ্জল বৰা।ৰাষ্ট্ৰীয় নাট সমাৰোহখনি সফলভাৱে সামৰণি পৰে।