অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্ব সমাপ্ত হোৱাৰ লগে লগে এতিয়া বিভিন্ন সমষ্টিত প্ৰাৰ্থীসকলৰ মাজত আৰম্ভ হৈছে তীব্ৰ বোকা ছটিওৱাৰ ৰাজনীতি। বৰপেটাৰ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক কোটি টকা প্ৰদান কৰা বুলি আজি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক ৰুহুল আমিনে। কলগাছিয়াত আয়োজিত এখন সংবাদমেলত আমিনে দাবী কৰে যে শ্বেৰমান আলীয়ে মনোনয়ন দাখিলৰ দিনা কৰা ব্যয়বহুল সভাৰ সম্পূৰ্ণ ধন বিজেপিৰ ফালৰ পৰা আহিছিল।
নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা এই বিপুল ধনৰ উৎসক লৈ এতিয়া মন্দিয়াত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। ৰুহুল আমিনে অভিযোগ কৰা মতে, শ্বেৰমান আলীৰ সভাৰ বাবে মুখ্যমন্ত্ৰীয়ে এক কোটি টকা দিছিল আৰু সমগ্ৰ নিৰ্বাচনী খৰচ বহন কৰাৰো প্ৰতিশ্ৰুতি দিছে। আনহাতে, সেইদিনাৰ সভাত পইচাক লৈ মানুহৰ মাজত মাৰপিট হোৱাৰ ফুটেজ থকা বুলিও কংগ্ৰেছ নেতাজনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
মন্দিয়া সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ টিকটত আব্দুল খালেকে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে শ্বেৰমান আলীয়ে ৰাইজৰ দলৰ পৰা টিকট নাপাই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। সংবাদমেলত উপস্থিত থকা অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য শুকুৰ আলীয়ে শ্বেৰমান আলীক এজন পাগল আখ্যা দি তেওঁক বিজেপিৰ এজেণ্ট বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে শ্বেৰমান আলীয়েও আব্দুল খালেকৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰিছিল।
বিৰোধী ঐক্যত বিভাজন ঘটাবলৈ বিজেপিয়ে এনেদৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি এতিয়া কলগাছিয়াৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে। ৰাইজৰ দলে শ্বেৰমান আলীক বিজেপিৰ হৈ কাম কৰাৰ সন্দেহত টিকট নিদিয়াৰ কথা উল্লেখ কৰি কংগ্ৰেছে এইবাৰ মন্দিয়াত আব্দুল খালেক বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে। ৯ এপ্ৰিলৰ নিৰ্বাচনৰ পূৰ্বে উত্থাপিত এই বিস্ফোৰক অভিযোগসমূহে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ কোন দিশে নিয়ে, সেয়া হ’ব লক্ষ্যণীয়।
