ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ পানীৰ স্তৰ অব্যাহতভাৱে বৃদ্ধি পোৱাৰ ফলত বহু জিলাত পৰিস্থিতি এতিয়াও সংকটজনক হৈ আছে। এনে পৰিস্থিতিৰ মাজতে এইবাৰ বানে কাঢ়ি নিলে আৰু ১০ জনৰ প্ৰাণ। ইয়াৰ লগে লগে চলিত বানত ৰাজ্যখনত মৃতকৰ সংখ্যাও বৃদ্ধি পাই ৪১ জনত উপনীত হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, বিগত ২৪ ঘণ্টাত শিৱসাগৰ আৰু যোৰহাট জিলাত তিনিজনকৈ, চৰাইদেউত দুজন, ধেমাজি আৰু কাৰ্বি আংলঙত এজনকৈ লোকৰ মৃত্যু ঘটে।
বৰ্তমান কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই, কামৰূপ মহানগৰ আৰু শিৱসাগৰকে ধৰি ১১খন জিলাত বানৰ প্ৰভাৱ অব্যাহত আছে। ৪০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৯খন গাঁও এতিয়াও বানপানীৰ কবলত আছে। এই বানৰ ফলত ৰাজ্যজুৰি ৬ লাখ ৪০ হাজাৰ ১২৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
কৃষিক্ষেত্ৰতো ব্যাপক ক্ষতি কৰিছে বানপানীয়ে। প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, ২৪ হাজাৰ ৮৯৭.২৭ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত আছে।
ইফালে, চাৰিখন জিলাত নগৰ বান পৰিস্থিতিও অব্যাহত আছে। কামৰূপ, দৰং, কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ ছটা ৰাজহ চক্ৰৰ ১৬টা অঞ্চল বা পৌৰ ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। এই নগৰ বানত অতিৰিক্ত ৯৫৮ জন লোক প্ৰভাৱিত হৈছে।
জানিব পৰা মতে, কামৰূপ মহানগৰৰ ১১টা, কামৰূপ আৰু ডিব্ৰুগড়ৰ দুটাকৈ আৰু দৰঙৰ এটা অঞ্চল নগৰ বানৰ কবলত আছে। ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।
