বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰৰ পাছত দীঘলীয়া চিকিৎসা, পুনৰ সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত নতুন জীৱন লাভ কৰিলে সাতটা বিপন্ন সোণালী বান্দৰে। ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছে উদ্ধাৰ হোৱা এই সোণালী বান্দৰকেইটা।
বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উদ্ধাৰৰ পাছত নিৰ্দিষ্ট পদ্ধতিৰে চলোৱা পুনৰ সংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তত প্ৰাকৃতিক বাসস্থানলৈ ঘূৰাই পঠোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে চিৰাং জিলাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চলোৱা এক অভিযানত আঠটা বিপন্ন সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহ চক্ৰ উৎখাত কৰাৰ লগতে নজন সন্দেহযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গুৱাহাটীস্থিত বিশেষ টাস্ক ফ’ৰ্চে চিদলী আৰক্ষীৰ সহযোগত চিৰাং জিলাৰ চিদলী অঞ্চলত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিশা চলোৱা অভিযানত এই সফলতা লাভ কৰিছিল। উদ্ধাৰ হোৱা আঠটা সোণালী বান্দৰৰ ভিতৰত এটা চিকিৎসা আৰু পুনৰ সংস্থাপনৰ চেষ্টা চলোৱাৰ পাছতো মৃত্যু হয়।
বাকী সাতটা সোণালী বান্দৰৰ স্বাস্থ্য, আচৰণ আৰু প্ৰাকৃতিক পৰিৱেশত খাপ খোৱাৰ ক্ষমতা পৰীক্ষা কৰিছিল বন্যপ্ৰাণী বিশেষজ্ঞ আৰু পশু চিকিৎসকৰ দলে। পৰ্যবেক্ষণৰ অন্তত মুকলি কৰাৰ বাবে উপযুক্ত ঘোষণা কৰাৰ পাছতেই ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰা হয় সিহঁতক।
বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ঘটনাক অসমৰ বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে উল্লেখ কৰে। বন বিভাগ, বন্যপ্ৰাণী বিশেষজ্ঞ, আইন প্ৰৱৰ্তনকাৰী সংস্থা আৰু স্থানীয় লোকৰ সহযোগিতাৰ ফলতেই এই সফলতা সম্ভৱ হৈছে বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, সোণালী বান্দৰ বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি অনুসূচী-১ৰ অন্তৰ্ভুক্ত আৰু বিশ্বৰ অন্যতম বিপন্ন প্ৰাইমেট প্ৰজাতি হিচাপে স্বীকৃত। ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বিস্তীৰ্ণ অঞ্চলত অৱস্থিত আৰু মানস জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ অংশ হিচাপে পৰিচিত।
