মহানগৰীৰ ৰাজপথত স্বয়ম্ভূ বিজেপি নেতা বুলি পৰিচয় দি এজন যুৱকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। ঘটনাৰ মূল অভিযুক্ত অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ বিজেপিৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, “অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই। অসমত পথৰ উদ্ভণ্ডালিৰ কোনো স্থান নাই। এনে ঘটনাত জড়িত যিকোনো লোকৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
লতাশিল আৰক্ষী থানাত ৰুজু হোৱা এজাহাৰ অনুসৰি, গুৱাহাটীত এখন বাহনে অভিলাষ দত্তৰ বাহন অতিক্ৰম কৰাৰ পিছতে দুয়োপক্ষৰ মাজত বাকবিতণ্ডাৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে অভিযোগকাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰে অভিযুক্ত স্বয়ম্ভূ বিজেপি নেতাজনে।
আক্ৰমণৰ পিছত এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ অভিযোগকাৰীক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।
এই ঘটনাত অভিলাষ দত্তৰ লগতে নুনমাটিৰ অপূৰ্ব সিনহা আৰু চানমাৰীৰ মিৰিণ তালুকদাৰক অভিযুক্ত কৰিছে আৰক্ষীয়ে। তিনিওজনৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইফালে, ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছতে বিষয়টো ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰে। আনহাতে, অভিলাষ দত্তই দাবী কৰে যে অভিযোগকাৰীৰ বাহনখন অতিমাত্ৰা বেগেৰে চলোৱা হৈছিল। সেই ঘটনাৰ পিছতেই সংঘাতৰ সূত্ৰপাত হয়।
ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
