অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে।
১১ জুলাইত শ্বিলঙৰ ৰিছা কলনীত অৱস্থিত ‘অ’ক’ নামৰ হোম ষ্টে’ৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি, কেইবাজনো লোকে অতিথিশালাৰ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰাৰ লগতে সম্পত্তিৰ ব্যাপক ক্ষতিসাধৰণ কৰে। ক্ষতিপূৰণ নিদিয়াকৈয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তসকল।
ঘটনাৰ তদন্ত আৰম্ভ কৰি পূব খাচী পাহাৰ জিলাৰ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত অভিযান চলায়। কোকৰাঝাৰ, আলিপুৰদুৱাৰ আৰু সাপটগ্ৰাম আৰক্ষীৰ সহযোগত আলিপুৰদুৱাৰত বিকাশ সিং, অবিনাশ সিং, আকন্দ প্ৰতাপ সিংৰ লগতে ১৭ বছৰীয়া তিনিজন নাবালকক আটক কৰা হয়।
পিছত মেঘালয় আৰক্ষীয়ে আটাইকেইজনক নিজৰ জিম্মালৈ আনি আলিপুৰদুৱাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা ধাৰাসমূহত সৰ্বাধিক সাত বছৰতকৈ কম শাস্তিৰ বিধান থকাৰ বাবে আদালতে প্ৰাপ্তবয়স্ক তিনিজনক জামিন মঞ্জুৰ কৰে। নাবালক তিনিজনক কিশোৰ ন্যায় ব’ৰ্ডৰ সন্মুখত হাজিৰ কৰোৱা হয়।
ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১(৩), ৩২৪(৩) আৰু ৩(৫) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি, অভিযুক্তসকলে জামিন লাভ কৰিলেও তদন্ত অব্যাহত থাকিব আৰু শীঘ্ৰেই আদালতত অভিযোগপত্ৰ দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
