২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পিছতো নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক দেশৰ ৰাজধানী ওচলোত এক ঐতিহাসিক আৰু ৰাজকীয় আদৰণি জনোৱা হৈছে। বিগত শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত পৰাস্ত হৈ নৰৱেৰ বিশ্বকাপৰ যাত্ৰা সমাপ্ত হৈছিল, কিন্তু এই পৰাজয়ে দেশবাসীৰ উৎসাহ হ্ৰাস কৰিব পৰা নাই।
নৰৱেৰ ৰাজধানী ওচলোৰ ৰাজপথত ১,০০,০০০ তকৈও অধিক ফুটবল অনুৰাগী সমবেত হৈ দলটোক ‘হিৰো’ৰ দৰে আদৰণি জনায় আৰু মুকলি বাছৰ পেৰেডৰ জৰিয়তে উল্লাস প্ৰদৰ্শন কৰে। আমেৰিকাৰ পৰা উভতি অহাৰ পিছত সমগ্ৰ দলটোৱে ৰাজপ্ৰসাদত ৰজা হেৰাল্ডৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। ইয়াৰ পিছত ক্ৰাউন প্ৰিন্স হাকনে ড্ৰাম বজাই অনুৰাগীসকলৰ সৈতে পৰম্পৰাগত ‘ভাইকিং ৰো’ আনন্দ উদযাপন কৰে।
বিমান যাত্ৰাত ৪ ঘণ্টা পলম হোৱাৰ বাবে দলটোৰ তাৰকা খেলুৱৈ আৰ্লিং হালান্দ আৰু চেন্দাৰ বাৰ্গে আনন্দ উদযাপনৰ অন্তিম পৰ্যায়ত উপস্থিত থাকিব নোৱাৰিলে। তেওঁলোকে জৰুৰীভাৱে আন এখন বিমান ধৰিবলগীয়া হোৱাৰ বাবে অনুষ্ঠানৰ মাজৰ পৰাই বিদায় লয়।
