অষ্ট্ৰেলিয়ান অ’পেনত ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত ৰোহন বোপান্নাৰ যুটী

254

ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই অষ্ট্ৰেলিয়ান অ’পেন ২০২৪ ত ইতিহাস সৃষ্টি কৰিছে। তেওঁ ডাবলছত বিশ্বৰ নম্বৰ-১ হোৱা আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ হৈ পৰিছে। তেওঁ তেওঁৰ সহযোগী মেথিউ এবডেনৰ সৈতে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই জয়ৰ সৈতে, ৪৩ বছৰীয়া বোপান্না ডাবলছত বিশ্বৰ ১ নম্বৰত উপনীত হৈছে। ৰোহন বোপান্নাই অষ্ট্ৰেলিয়ান অ’পেনত প্ৰথমবাৰৰ বাবে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হৈছে।

ভাৰতীয় টেনিছ খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ অষ্ট্ৰেলিয়াৰ সহযোগী মাথিয়াছ এবডেনৰ সৈতে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাৰ  কোৱাৰ্টাৰ ফাইনেলত মেক্সিমো গঞ্জালেজ আৰু আন্দ্ৰেছ গল্টিক পৰাস্ত কৰে। তেওঁলোকে ৬-৪, ৭-৬ (৭-৫)ৰ ব্যৱধানত জয়ী হয়। ইয়াৰ পূৰ্বে বোপান্না আৰু মেথিউৱে ডাচ্চ যুটি ৱেছলি কুলহোফ আৰু ক্ৰোৱেছিয়াৰ নিকোলা মেকটিক পোনপটীয়া ছেটত পৰাস্ত কৰে। উল্লেখ্য যে ৰোহন বোপান্নাই অষ্ট্ৰেলিয়ান অ’পেনত প্ৰথমবাৰৰ বাবে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হৈছে। বোপান্নাই তেওঁৰ কোৱাৰ্টাৰ ফাইনেল জয়ৰ সৈতে ইতিহাস সৃষ্টি কৰিছিল। তেওঁ পুৰুষৰ দ্বৈত টেনিছ ৰেংকিংত বিশ্বৰ নম্বৰ-১ হৈ পৰিছে। বোপান্নাই প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছে। আনহাতে পুৰুষৰ দ্বৈত টেনিছ ৰেংকিঙত মাথিয়া এবডেন ২ নম্বৰত উপনীত হৈছে।

 ৪৩ বছৰ বয়সত, ৰোহন ১ নম্বৰ হোৱা আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ হৈ পৰিছে।আমেৰিকাৰ ৰাজীৱ ৰামে ২০২২ চনৰ অক্টোবৰত ৩৮ বছৰ বয়সত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ভাৰতীয় টেনিছ তাৰকা বোপান্নাই ৰাজীৱ ৰামক অতিক্ৰম কৰিছে। ৪৩ বছৰ বয়সত পুৰুষৰ দ্বৈত টেনিছ ৰেংকিঙত বোপান্না বিশ্বৰ এক নম্বৰ স্থানত পৰিণত হৈছে। অষ্ট্ৰেলিয়ান অপেনত ৰোহন বোপান্না আৰু মেথিউ এবডেনে ছেমিফাইনেলত টমাছ মাচাক আৰু ঝিঝেন ঝাঙৰ মুখামুখি হ’ব। এতিয়া বোপান্নাৰ দৃষ্টি তেওঁৰ প্ৰথম পুৰুষৰ দ্বৈত গ্ৰেণ্ড শ্লেম খিতাপৰ ওপৰত আছে। ৰোহন বোপান্নাই প্ৰথমবাৰৰ বাবে ২০০৮ চনত পুৰুষৰ ডাবলছত খেলিছিল। কিন্তু আজিলৈকে কোনো খিতাপ জয় কৰা হোৱা নাই।