আগন্তুক আই পি এল ২০২৭ ছিজনৰ বাবে নিজৰ প্ৰশিক্ষক বাহিনীত এক ডাঙৰ সালসলনি ঘটাইছে মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজীয়ে। বিগত আই পি এল ২০২৬ ছিজনত দলটোৰ প্ৰদৰ্শন আশানৰূপ নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নতুন নিযুক্তি অনুসৰি, ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা বেটছমেন ৰবিন উথাপ্পাক মুম্বাই ইণ্ডিয়ানছৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে ২০০৮ চনৰ আই পি এলৰ উদ্বোধনী ছিজনত উথাপ্পাই দলটোৰ হৈ খেলিছিল।
ইয়াৰ লগতে, ভাৰতীয় দলৰ প্ৰাক্তন ফিল্ডিং প্ৰশিক্ষক দিলিপকো একেটা ভূমিকাতে ফ্ৰেঞ্চাইজীটোৱে অন্তৰ্ভুক্ত কৰিছে। উথাপ্পা আৰু দিলিপৰ উপৰিও মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ দুজন প্ৰাক্তন খেলুৱৈ— মিচেল মেকক্লেনাগান (বৌলিং ক’চ) আৰু ধৱল কুলকাৰ্ণি (ডেভেলপমেণ্টেল বলিং প্ৰশিক্ষক)ক প্ৰশিক্ষক দললৈ ঘূৰাই আনিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ফ্ৰেঞ্চাইজীটোৱে লাচিথ মালিংগা, পৰস মহাাম্ব্ৰে আৰু কাৰ্ল হপকিন্সনৰ সৈতে কাৰ্যকাল সমাপ্ত কৰিছিল।
আই পি এলৰ কেবাটাও দলৰ হৈ খেলি ৪,৯৫২ ৰান সংগ্ৰহ কৰা উথাপ্পা ২০২১ চনৰ চেন্নাই ছুপাৰ কিংছৰ বিজয়ী দলটোৰো সদস্য আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ভাৰতৰ হৈ ৪৬খন এদিনীয়া আৰু ১৩খন টি-২০ মেচ খেলিছে।
