ব্ৰাজিলৰ নিৰ্বাচনী কৰ্তৃপক্ষই নিশ্চিত কৰা অনুসৰি, ৰক্ষণশীল প্ৰাৰ্থী ফ্ল্যাভিঅ’ ব’লছ’নাৰোক পৰাস্ত কৰি লুইজ ইনাচিঅ’ লুলা ডা ছিলভাই (লুলা) চতুৰ্থবাৰৰ ৰবাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছে। এই বিজয়ে লেটিন আমেৰিকাৰ আটাইতকৈ ডাঙৰ অৰ্থনীতি ব্ৰাজিলত বাওঁপন্থী নেতৃত্ব অব্যাহত ৰাখিছে। বিজয়ী হোৱাৰ পিছত ছাও পাওলোত সমৰ্থকসকলক উদ্দেশ্যি ভাষণ দি লুলাই কয়, ব্ৰাজিল কাৰো পিছফালৰ চোতাল নহয়। সমগ্ৰ অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভাৱক লৈ তেওঁ এই মন্তব্য আগবঢ়ায়।
কাৰাৰুদ্ধ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰোৰ পুত্ৰ তথা ছেনেটৰ ফ্ল্যাভিঅ’ ব’লছ’নাৰোৱে আমেৰিকাৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰ চলাইছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত তেওঁ ফলাফল “বাতিল” কৰাৰ দাবী জনায়। প্ৰচাৰৰ সময়ত লুলাই ব্ৰাজিলৰ ৰপ্তানিৰ ওপৰত আমেৰিকাৰ শুল্ক আৰু ড্ৰাগছ সৰবৰাহকাৰী গোটসমূহক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছিল।
নিৰ্বাচনী বিজয়ৰ ভাষণেৰে লুলাই ব্ৰাজিলৰ ২১.৫ কোটি জনসাধাৰণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়-মই ২১৫ নিযুত ব্ৰাজিলীয়াৰ বাবে শাসন কৰিম; আমাৰ আৰু কোনো নিৰ্বাচনী প্ৰতিদ্বন্দ্বী নাই। আমি এই দেশখন চলোৱাৰ ধৰণ সলনি কৰিম আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনসাধাৰণক অধিক অংশগ্ৰহণ কৰিবলৈ সুযোগ দিম।
