ৰে-বেনে আগবঢ়াইছে বৈপ্লৱিক ৰিভাৰ্ছ কালেকচন

366

ৰে-বেনে গ্ৰাহকৰ বাবে আগবঢ়াইছে বৈপ্লৱিক ৰিভাৰ্ছ সংগ্ৰহ, য’ত আছে চাৰিটা ইউনিচেক্স ছানগ্লাছ ষ্টাইলৰ সৈতে অতুলনীয় নতুন ৰিভাৰ্ছড লেন্স। এই অভিনৱ কালেকচনে এভিয়েটৰ, ৱেফেয়াৰ, কেৰাভান আৰু বয়ফ্ৰেণ্ডৰ দৰে গতানুগতিক চশমাক প্ৰত্যাহ্বান জনাইছে। অন্বেষণ নকৰা ক্ষেত্ৰসমূহ অন্বেষণ কৰাৰ বাবে ৰে-বানৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি এৰ্গোনোমিক ইউনিভাৰ্চেল ফ্ৰেমে সকলো পৃথক পৃথক অৱয়বৰ আকৃতিৰ সৈতে খাপ খোৱাকৈ চিকব’ন(গালৰ হাড়)ৰ বক্ৰতাবোৰ অনুসৰণ কৰে।  উন্নত অভিযান্ত্ৰিকী বা প্ৰযুক্তিয়ে লেন্সৰ আকৃতি ৰূপান্তৰিত কৰি অপ্টিকেল নিখুঁততা, এণ্টি-গ্লেয়াৰ ট্ৰিটমেণ্ট আৰু এভাণ্ট-গাৰ্ড ডিজাইনৰ বাবে আইকনিক চিলোৱাট  বৃদ্ধি কৰে।

ভিট’ৰিয়া চেৰেট্টিয়ে ৰিভাৰ্ছ চশমা প্ৰদৰ্শন কৰা এক দ্ৰুত গতিৰ, উচ্চ ফেশ্বন ভিডিঅ’ত অভিনয় কৰিছে, য’ত তেওঁৰ আইকনিক শৈলী প্ৰদৰ্শন কৰিছে আৰু চশমাৰ বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰিবলৈ এংগল আৰু ফ’কাচ প্ৰদৰ্শন কৰিছে। এই বিষয়ে সদৰি কৰি এচিলৰলাক্সোটিকাৰ আৰ এণ্ড ডি প্ৰডাক্ট ষ্টাইল লাইচেন্সিং ডাইৰেক্টৰ ফেডেৰিকো বুফাই কয় যে, “আমাৰ ৰে-বেন ৰিভাৰ্ছ কালেকচন হৈছে চশমা উদ্যোগ খণ্ডৰ এক প্ৰকৃত বিপ্লৱ। অৱতল নান্দনিকতা(কনকেভ এস্থেটিক)ক এক নতুন স্বত্বাধিকাৰী প্ৰযুক্তিৰ দ্বাৰা সক্ষম কৰি তোলা হৈছে যিয়ে লেন্সৰ ডিজাইনত বিগ ডাটা এনালাইছিচ(বৃহৎ ডাটা বিশ্লেষণ) প্ৰয়োগ কৰে।”

ৰে-বান ৰিভাৰ্ছ কালেকচনত এক এৰ্গনোমিক ইউনিভাৰ্চেল ফ্ৰেম থাকে, যি প্ৰতিটো বেলেগ বেলেগ মুখৰ আকৃতিৰ বাবে চিকব’ন(গালৰ হাড়)ৰ বক্ৰতাবোৰ অনুসৰণ কৰে। জৈৱ-আধাৰিত নাইলন লেন্স, এচিটেট ফ্ৰেম আৰু ১০০% পুনঃব্যৱহৃত পেকেজিঙৰ দৰে পৰিৱেশ-অনুকূল সামগ্ৰীৰে তৈয়াৰ কৰা সকলো মুখৰ আকৃতিৰ পৰিপূৰক। এই নতুন ৰে-বান ৰিভাৰ্ছ সংগ্ৰহ ১১০৯০/- টকাত আৰম্ভ হৈছে। দেশৰ আগশাৰীৰ অপ্টিকেল ষ্ট’ৰ, চানগ্লাছ হাট আৰু অনলাইনত rayban.com/Indiaত উপলব্ধ।