কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যালয় চৌহদত উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ বেটেলিয়ান আৰু গ্ৰুপ চেণ্টাৰ ভিত্তিত দুদিনীয়াকৈ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাখনত উত্তৰ পূৱ মণ্ডলৰ অধীনৰ দহটা বেটেলিয়ান ক্ৰমে – ১০, ৪৮ , ৬৭ , ১২০ ,১২৮ ,১২৯ ,১৩৬ ,১৪৭ ,১৫৬ , ১৭৫ ৰ উপৰিও দুটাকৈ গুৱাহাটী আৰু শিলচৰ গ্ৰুপ চেণ্টাৰসহ মুঠ ১২ টা দলে ভাগ লৈছিল ।
আনহাতে ১৬ মে’ৰ বিয়লি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ তীব্ৰ উত্তেজনামূলক চূড়ান্ত খেলখনত ১২৯ বেটেলিয়ানে ১৭৫ বেটেলিয়ানক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।প্ৰতিযোগিতাৰ সামৰণিত আয়োজিত এক অনুষ্ঠানত বিজয়ী আৰু বিজিত দলক বঁটা সমুহ বিতৰণ কৰে ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই।
অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ চেকেণ্ড – ইন – কমাণ্ড মুকুণ্ড মোহন আৰু অমিত সিং , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ , সহকাৰী কমাডেণ্ট এছ জেকচন সিঙকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত , অধীনস্থ বিষয়া আৰু জোৱান উপস্থিত আছিল।
