পুনৰ উভতি আহিছে ৰাজা! হানিমুনলৈ গৈ শ্বিলঙত পত্নীৰ হাততে প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ এতিয়া পুনৰ জন্ম হোৱা বুলি চৰ্চা চলিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। দেওবাৰে ৰাজাৰ ককায়েক শচীন ৰঘুবংশীৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হোৱাৰ পাছতে পৰিয়ালটোৱে দাবী কৰিছে যে তেওঁলোকৰ হেৰাই যোৱা ৰাজা আকৌ উভতি আহিছে। কেৱল সেয়াই নহয়, নৱজাতকটিৰ জন্মৰ সময় আৰু তিথিৰ সৈতে নিহত ৰাজাৰ মৃত্যুৰ সময়ৰ আচৰিত মিল থকাৰ কাৰ্যই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে।
যোৱা বছৰৰ মে’ মাহত মেঘালয়ৰ শ্বিলঙত সংঘটিত হোৱা এক চাঞ্চল্য্যকৰ হত্যাকাণ্ডত প্ৰাণ হেৰুৱাইছিল পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে। ন-বিবাহিতা পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি ৰাজাক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, একাদশী তিথিত বিয়লি ২.৪০ বজাত ৰাজাৰ মৃত্যু হৈছিল। আশ্চৰ্যকৰভাৱে, দেওবাৰে ঠিক সেই একাদশী তিথিতেই বিয়লি ২.৪২ বজাত ৰাজা ৰঘুবংশীৰ জ্যেষ্ঠ ভাতৃ শচীন ৰঘুবংশীৰ পত্নীয়ে পুত্ৰ সন্তানটি জন্ম দিয়ে। সময়ৰ এই মাত্ৰ দুই মিনিটৰ ব্যৱধানেই এতিয়া পৰিয়ালটোক পতিয়ন নিয়াইছে যে এইয়া এক ঐশ্বৰিক সংকেত।
ৰাজাৰ মাতৃ উমা ৰঘুবংশীয়ে দাবী কৰা মতে, নৱজাতকটিৰ মুখমণ্ডলৰ সৈতে শৈশৱৰ ৰাজাৰ হুবহু মিল আছে। আনকি ‘ৰাজা’ বুলি মাতিলে শিশুটিয়ে এক চিনাকি সঁহাৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰিও শিশুটিৰ কোষ্ঠীৰ সৈতেও নিহত ৰাজাৰ কোষ্ঠীৰ মিল থকা বুলি দাবী কৰিছে পৰিয়ালে। পৰিয়ালে কয় যে কামাখ্যা মন্দিৰৰ পুৰোহিতেও পূৰ্বতে ভৱিষ্যদ্বাণী কৰিছিল যে অকাল মৃত্যু হোৱা বাবে ৰাজাৰ আত্মাই পুনৰ একেটা পৰিয়ালতে জন্ম ল’ব পাৰে।
উল্লেখ্য যে, ২০২৫ চনৰ মে’ মাহত মেঘালয়লৈ হানিমুনলৈ গৈ নিৰুদ্দেশ হৈছিল ৰাজা। পৰৱৰ্তী সময়ত ২ জুনত এটা দ খাৱৈৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই হত্যাকাণ্ডৰ অভিযোগত পত্নী সোণম আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশ্বৱাহাসহ আন তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান অভিযুক্তসকল কাৰাগাৰত আছে। শোকত ভাগি পৰা পৰিয়ালটোৱে এতিয়া নৱজাতকটিৰ মাজত নিজৰ পুত্ৰক বিচাৰি পাই কিছু মানসিক শান্তি লাভ কৰিছে। ৰাজাৰ এই পুনৰ আগমণে এটা বছৰে নিজম পেলোৱা ঘৰখনলৈ পুনৰ ওভতাই আনিছে সুখৰ একাঁজলি ৰেঙণি।
