ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা থকাৰ কথা ৰাজহুৱা কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে কেইবাঠাইত ৭০-৮০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ কথাও জানিবলৈ দিয়ে।
বতৰৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তাৰোপৰি বিভিন্ন এলেকাত অ’ৰেঞ্জ এলাৰ্ট, ইয়েল এলাৰ্ট জাৰি কৰিছে।ওদালগুৰি, বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰিছে অ’ৰেঞ্জ এলাৰ্ট। এইকেইখন জিলাত ধাৰাসাৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ প্ৰবল সম্ভাৱনা আছে।
