মাত্ৰ ৩০ মিনিটত পাব ৩৫০ কিলোমিটাৰ।
ভাৰতলৈ আহি আছে বিশ্বৰ দ্ৰুততম ৰে’ল সেৱা!

এই ব্যৱস্থা আহিলে আধা ঘণ্টাত গুৱাহাটীৰ পৰা পাবগৈ শিৱসাগৰ।
দিল্লীৰ পৰা জয়পুৰত উপস্থিত হ’ব মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে।
বিশ্বৰ দ্ৰুততম ৰে’ল সেৱা আৰম্ভৰ পৰিকল্পনা মোদী চৰকাৰৰ।

দেশত প্ৰথমবাৰলৈ সম্পন্ন হ’ল হাইপাৰলুপ লাইনৰ পৰীক্ষা।
ৰে’ল মন্ত্ৰালয়ৰ সহযোগিতাত IIT মাদ্ৰাছত পৰীক্ষা সম্পন্ন।
৪২২ মিটাৰ দীঘল সুৰংগৰ হাইপাৰলুপ লাইনত সফলতাৰে পৰীক্ষা।
এই পৰীক্ষাৰ মতে ৩০ মিনিটত হাইপাৰলুপেৰে ৩৫০ কিলোমিটাৰ যাত্ৰা সম্ভৱ।

ঘণ্টাত ১,১০০ কিলোমিটাৰ সৰ্বোচ্চ গতিবেগ লাভ কৰিব পাৰে হাইপাৰলুপ ট্ৰেইনে।
বুলেট ট্ৰেইনতকৈ ৩-৪ গুণ বেগত চলিব হাইপাৰলুপ ট্ৰেইন।
মূলতঃ বৈদ্যুতিক এই ব্যৱস্থাত চুম্বকীয় শক্তিৰ প্ৰভাৱ ব্যৱহাৰ কৰা হয়।
সুৰংগৰ মাজেৰে বতাহৰ চাপ অবিহনে চলোৱা হ’ব এই হাইপাৰলুপ ট্ৰেইন।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিলে হাইপাৰলুপ লাইনৰ পৰীক্ষাৰ ভিডিঅ’।
হাইপাৰলুপ ব্যৱস্থা যদি সফল হয় পৰিবহণত আহিব যুগান্তকাৰী পৰিৱৰ্তন।