দুর্গা পূজাৰ উপহাৰ হিচাপে অৰুণোদয়ৰ হিতাধিকাৰীসকলক তেওঁলোকে প্রতিমাহে নিয়মীয়াকৈ লাভ কৰি অহা ১,২৫০ টকাৰ পৰিৱৰ্তে অহা অক্টোবৰ মাহত ১,৫০০ টকাকে প্রদান কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্রহণ কৰে ।ৰাজ্যিক কেবিনেটে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক প্রতি কিলোগ্রামত ৩০ টকা হাৰত ৰাজসাহায্যযুক্ত চেনি যোগান ধৰাৰ সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰ ফলত অহা অক্টোবৰ মাহত হিতাধিকাৰীসকলে এক কেজিকে মচুৰ দাইল আৰু চেনি ১০০ টকাতে লাভ কৰিব ।বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয় । উক্ত কেবিনেট বৈঠকত অৰুণোদয়, ‘অসম মুছলিম বিবাহ পঞ্জীয়ন (বাধ্যতামূলক) বিধি, ২০২৬’ কে আদি কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই কেবিনেটৰ পাছতে মুখ্যমন্ত্রীয়ে এক সংবাদমেল সম্বোধন কৰে ৷
