ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ আৰু সীমান্তত বাংলাদেশী নাগৰিক নিহত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি আজিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব বাংলাদেশৰ জামায়াত-ই-ইছলামী নেতৃত্বাধীন ১১ দলীয় মিত্ৰজোঁটে। সীমান্তৱৰ্তী জিলাসমূহত সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে অহা ১৫ জুনত ঢাকাতো বিক্ষোভ সমদল উলিওৱাৰ ঘোষণা কৰিছে সংগঠনটোৱে।
সীমান্তকেন্দ্ৰিক বিষয়ক লৈ শেহতীয়া সময়ত বাংলাদেশত ব্যাপক ৰাজনৈতিক চৰ্চা চলি থকাৰ মাজতে এই কাৰ্যসূচীৰ ঘোষণা কৰে মিত্ৰজোঁটটোৱে। ভাৰতৰ বিৰুদ্ধে কথিত “পুশ্ব-ইন”ৰ অভিযোগ উত্থাপন কৰি বিষয়টোক এইবাৰ ৰাজপথলৈ নিয়াৰ সিদ্ধান্ত লৈছে সংগঠনসমূহে।
বুধবাৰে ঢাকাত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ১১ দলীয় মিত্ৰজোঁটৰ সমন্বয়ক তথা জামায়াত-ই-ইছলামীৰ সহকাৰী সাধাৰণ সম্পাদক এ এইচ এম হামিদুৰ ৰহমান আজাদে। ভাৰতৰ নীতিৰ বিৰুদ্ধে সীমান্তৱৰ্তী সকলো গুৰুত্বপূৰ্ণ স্থান আৰু জিলাত শুকুৰবাৰৰ দিনটোত প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল হামিদুৰে।
মিত্ৰজোঁটটোৰ অভিযোগ অনুসৰি, যোৱা তিনি মাহত সীমান্তত ৫০টাতকৈ অধিক কথিত “পুশ্ব-ইন”ৰ ঘটনা সংঘটিত হৈছে। মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত বিভিন্ন সীমান্ত পথেৰে ২,৪৭৯ জন লোকক বাংলাদেশত প্ৰৱেশ কৰোৱাৰ চেষ্টা চলোৱা হৈছে বুলিও দাবী কৰে সংগঠনটোৱে।
তদুপৰি, ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ গুলীচালনাত বাংলাদেশী নাগৰিক নিহত আৰু আহত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ প্ৰতিবাদত গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেতাসকলে।
ইফালে, সংবাদমেলত উপস্থিত থাকি নেচনেল চিটিজেন পাৰ্টি চমুকৈ এনচিপিৰ মুখ্য সমন্বয়ক নাছিৰুদ্দিন পাটোৱাৰীয়ে সীমান্ত অঞ্চলৰ বাসিন্দাসকলক “মানৱ ঢাল” গঠন কৰিবলৈ আহ্বান জনায়। সীমান্তৰ শূন্য ৰেখাৰ ওচৰত বসবাস কৰা লোকসকলে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে বুলিও দাবী কৰে তেওঁ।
উল্লেখ্য যে, কথিত “পুশ্ব-ইন”ক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত শেহতীয়াকৈ কূটনৈতিক পৰ্যায়তো আলোচনা অব্যাহত আছে। নতুন দিল্লীত অনুষ্ঠিত বিএছএফ আৰু ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশ চমুকৈ বিজিবিৰ মহাপৰিচালক পৰ্যায়ৰ বৈঠকতো বিষয়টো উত্থাপন কৰিছিল ঢাকাই।
অৱশ্যে এই অভিযোগ নাকচ কৰি আহিছে ভাৰত। নতুন দিল্লীৰ বক্তব্য অনুসৰি, অবৈধভাৱে ভাৰতত বসবাস কৰা বিদেশী নাগৰিকসকলক প্ৰচলিত আইন আৰু বিদ্যমান দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত নিজ দেশলৈ উভতাই পঠিওৱা হৈছে। সেয়েহে ইয়াক “পুশ্ব-ইন” বুলি অভিহিত কৰাটো সঠিক নহয় বুলি স্পষ্ট কৰি আহিছে ভাৰতীয় কৰ্তৃপক্ষই।
