এসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৯০ পইচাকৈ বৃদ্ধি কৰা হয় । চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে পুনৰীক্ষণৰ ওপৰত প্ৰায় চাৰি বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলায় এই মূল্যবৃদ্ধি ঘটায় ।
এই বৃদ্ধিৰ ফলত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকাৰ পৰা ৯৮.৬৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯০.৬৭ টকাৰ পৰা ৯১.৫৮ টকালৈ বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে ।
