জালনোট মাফিয়াৰে ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ অভিযোগত বিপদত আৰক্ষী বিষয়া ডলী পাঠক! লখিমপুৰত ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল আৰক্ষী বিষয়া ডলী পাঠকক।
কুখ্যাত জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত মিজানুৰ ওৰফে মিজুৰ সৈতে ডলী পাঠকৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে।
কেৱল সেয়াই নহয়, কৰ্তব্যৰত অৱস্থাতেই মিজানুৰৰ সৈতে গাড়ীত ঘূৰি ফুৰাৰ অভিযোগো উত্থাপন হৈছে আৰক্ষী বিষয়া ডলী পাঠকৰ বিৰুদ্ধে।
এজন আৰক্ষী বিষয়াৰ সৈতে কুখ্যাত জালনোট মাফিয়াৰ এনে ঘনিষ্ঠতা কেনেকৈ গঢ়ি উঠিল? কৰ্তব্যৰত অৱস্থাত অভিযুক্তৰ সৈতে গাড়ীত ঘূৰি ফুৰাৰ আঁৰত কি ৰহস্য লুকাই আছে?
এই সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। অৱশেষত লখিমপুৰত ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল ডলী পাঠকক।
অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা আৰু এই সন্দৰ্ভত বিভাগীয় তদন্তৰ ফলাফল এতিয়াও স্পষ্ট হোৱা নাই।
