পাহাৰীয়া দেশ ভূটানত সংঘটিত হিমবাহ হ্ৰদ বিস্ফোৰণৰ ঘটনাই সৃষ্টি কৰিছে আকস্মিক বানৰ বিভীষিকা। মো চ্ছু নদীৰে প্ৰচণ্ড বেগেৰে নামি অহা পানীয়ে শংকোষ নদীৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে। এই জলপ্ৰলয়ৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তৱৰ্তী পশ্চিমবংগৰ কেইবাখনো জিলাৰ লগতে অসমৰ ধুবুৰী জিলাতো প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট।
জলশক্তি মন্ত্ৰালয়ে জাৰি কৰা বিশেষ নিৰ্দেশনা অনুসৰি, ভূটানৰ পুনাতছাংছু নদী অৱবাহিকাৰ শিন্তাফু হ্ৰদত এই বিস্ফোৰণ সংঘটিত হৈছে। নিশাৰ ভাগত অহা প্ৰচণ্ড বানে ভূটানৰ গাচা জিলাৰ প্ৰাকৃতিক গৰম পানীৰ উঁহ গাচা ছাচুৰ বিস্তৰ আন্তঃগাঁথনি উটুৱাই লৈ যায়। চৰকাৰী সম্প্ৰচাৰক ভূটান ব্ৰডকাষ্টিং চাৰ্ভিছে প্ৰকাশ কৰা মতে, অন্ধকাৰ আৰু পানীৰ তীব্ৰ সোঁতৰ বাবে ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও স্পষ্ট হোৱা নাই যদিও লায়া সংযোগী পথ আৰু দুখন বেইলি দলং উটি যোৱাৰ সন্দেহ কৰা হৈছে।
উত্তৰ বংগৰ আলিপুৰদুৱাৰ জিলা প্ৰশাসনে শংকোষ নদীৰ উপত্যকাত ইতিমধ্যে ৰেড এলাৰ্ট ঘোষণা কৰিছে। আৰক্ষী অধীক্ষক অমিত কুমাৰ শ্বই জানিবলৈ দিয়া মতে, সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি ৪ পৰা ৫ হাজাৰ লোকক আশ্ৰয় শিবিৰলৈ আৰু আন ৬ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক পোনপটীয়াকৈ মকৰল কৰাৰ লগতে শুকান খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰিছে প্ৰশাসনে।
ইফালে নামনিৰ পৰিস্থিতি সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম চৰকাৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, শংকোষ নদীৰ পানীৰ স্তৰ সম্প্ৰতি নিয়ন্ত্ৰণত আছে যদিও সম্ভাৱ্য বানৰ মোকাবিলা কৰিবলৈ সকলো বিভাগকে সাজু ৰখা হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰে যে ধুবুৰী জিলা প্ৰশাসন আৰু জৰুৰীকালীন দলসমূহে পৰিস্থিতিৰ ওপৰত ২৪ ঘণ্টাই চকু ৰাখিছে আৰু যিকোনো আকস্মিক সংকট প্ৰতিহত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।
