ষ্টাফৰিপৰ্টাৰ, ১৬ এপ্ৰিল: ভাৰতবৰ্ষৰ আগশাৰীৰ ডিজিটেল পেইমেণ্টছ এপ Phonepe য়ে বিগত সপ্তাহত তেওঁলোকৰ 100CrorePledge অভিযানক সকলোৱে আদৰি লোৱাৰ পাছত, #i4India নামেৰে ৰাষ্ট্ৰজুৰি এটা অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। #i4India অভিযানত ল’কডাউনৰ সময়ত আমাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে অহৰহ কৰ্তব্য পালন কৰি থকা চৰকাৰী সংস্থা সমূহ, চিকিৎসকসকল, স্বাস্থ্য কৰ্মী সকলৰ প্ৰয়াসক যাতে প্ৰতিজন ভাৰতীয়ই সমৰ্থন কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে।#i4India অভিযানত যোগদান কৰিবৰ বাবে phonepe য়ে অন্ততঃ ১০ কোটি ভাৰতীয়ক PMCARES ফাণ্ডলৈ বৰঙণি আগবঢ়াবলৈ আহ্বান কৰিছে। এপ্ৰিল ৩০,(২০২০) ৰ ভিতৰত Phonepe ৰ মাধ্যমেৰে UPI ব্যৱহাৰ কৰি PMCARES ফাণ্ডলৈ দান কৰা সকলো ভাৰতীয়ৰ হৈ Phonepe ৰ ফালৰ পৰা প্ৰতিটো দানৰ লগত ১০ টকাকৈ যোগ দিয়া হ’ব। ইতিমধ্যে ১০ লাখৰো অধিক ভাৰতীয়ই PhonePe এপৰ মাধ্যমেৰে PMCARES ফাণ্ডলৈ দান কৰিছে। এই সন্দৰ্ভত PhonePe ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্য নিৰ্বাহক সমীৰ নিগমে কয়”-পাঁচ দিনত কৈ কম সময়ত আমাৰ এপৰ মাধ্যমেৰে ১০ লাখৰো অধিক লোকে PMCARES ফাণ্ডত দান কৰিছে। আমি প্ৰতিজন ভাৰতীয়ক একত্ৰিত ভাৱে সহযোগ কৰি উদৰতাৰে নিজৰ সাধ্য অনুসৰি অনুদান আগবঢ়াবালৈ আহ্বান জনাইছোঁ”।
Latest article
ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি
ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প'লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ'য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন...
আৰণ্যকৰ ওৰাঙৰ পৰা ৰাইমনালৈ “ৰাইড্… ফৰ্… কনজাৰভেশ্যন” চাইকেল ৰেলী
দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা...
ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত চৰ্চিত এনইএছএফবি, ফিনটেক ক্ষেত্ৰখনত অসমৰ উত্থানৰ প্ৰদৰ্শন
অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত...