পবিতৰা অভয়াৰণ্যৰ কাষৰীয়া গাওঁবাসীক সুৰক্ষাৰ বাবে টৰ্চলাইট প্ৰদান

1082

সঘনাই বন্যপ্ৰাণীৰ মুখামুখি হ’ব লগা হোৱা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰান্তীয় গাওঁবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org)  শনিবাৰে গাওঁবাসীক বিশটা টৰ্চলাইট প্ৰদান কৰে। গঁড়ৰ সৰ্বাধিক ঘনত্ব (৩৮.৮ বৰ্গ কিলোমিটাৰ এলেকাত ১০৭টা এশিঙীয়া গঁড়) আৰু বৃহৎ সংখ্যক এছীয় ম’হৰ বাবে জনাজাত অভয়াৰণ্যখনৰ আশে-পাশে ঘন জনবসতিপূৰ্ণ গাঁওসমূহ থকাৰ ফলত সঘনাই মানুহ আৰু বন্যপ্ৰাণী মুখামুখি হোৱাৰ পৰিস্থিতি সৃষ্টি হয় ।

বন্যপ্ৰাণীৰ বাসস্থানৰ কাষৰীয়া এলেকাৰ পৰা অহা গাঁওবাসীৰ মাজত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰি আৰণ্যক দলে গাওঁবাসীক টৰ্চলাইটবোৰ বিতৰণ কৰে। বাৰ্লিন চিৰিয়াখানাৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই অনুষ্ঠানত পাঁচখন গাঁও ক্ৰমে কমাৰপুৰ, গৰুবন্ধা,  নাকাৰা হাবি, নলনী  আৰু বুঢ়া মায়ঙৰ হিতাধিকাৰীক টৰ্চলাইট প্ৰদান কৰা হয় । এই টৰ্চলাইটে তেওঁলোকক বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্ৰাণী মূলতঃ গঁড় আৰু ম’হক নিৰাপদ দূৰত্বৰ পৰা চিনাক্ত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ ফলত গাঁওবাসী আৰু বন্যপ্ৰাণী উভয়ৰে সুৰক্ষা নিশ্চিত হ’ব।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া নয়ন জ্যোতি দাসৰ লগতে অভয়াৰণ্যখনত নিয়োজিত অন্যান্য বনকৰ্মী সকল এই অনুষ্ঠানত উপস্থিত থাকে। আৰণ্যকৰ জ্যেষ্ঠ বিষয়া ড: দেৱ কুমাৰ দত্ত  আৰু বিষয়া উজ্জল বায়ন, প্ৰাঞ্জল ডেকা, আৰু “কে-নাইন” স্কোৱাডৰ ৰাহুল দাসে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি টৰ্চলাইট বিতৰণৰ কাম সম্পন্ন কৰে।