মানৱ-হাতী সংঘাত প্ৰভাৱিত গাৱঁৰ মহিলাৰ বাবে আৰণ্যকৰ উদ্যোগ

987

বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি জীৱিকা অটুট ৰখাত ঘৰতে স্থাপন কৰা বাগিচা আৰু নাৰ্চাৰীয়ে কৰা ফলপ্ৰসু সহায়ৰ বিষয়ে অভিজ্ঞতা অৰ্জনৰ উদ্দেশ্য অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে উদালগুৰি জিলাৰ বদলাপাৰা গাঁৱৰ মানৱ-হাতী সংঘাত আক্ৰান্ত মহিলাসকলক প্ৰশিক্ষণৰ বাবে বিশ্বনাথ চাৰিআলিৰ “পাভৈ গ্ৰীণছ” ভ্ৰমণ কৰোৱায় । আৰণ্যকৰ এই পদক্ষেপে নিজৰ গাঁৱৰ পৰা ওলাই আহিবলৈ সুযোগ নোপোৱা মহিলাসকলক প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই অহাত উদগনি যোগায় ।

নিজৰ ঘৰতে বাগিচা আৰু নাৰ্চাৰী স্থপনৰ ক্ষেত্ৰত উদ্যমিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা “পাভৈ গ্ৰীণছ”ৰ উদ্যোগী নীলম দত্ত(২০০৩ চনৰ অসম গৌৰৱ বঁটাপ্ৰাপক) সৈতে এই গ্ৰাম্য মহিলাসকলে ৪ এপ্ৰিলত মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। ইউএনডিপি-জিইএফৰ ক্ষুদ্ৰ অনুদান কাৰ্যসূচী আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত টেৰি (TERI) অধীনত আৰণ্যকে ওদালগুৰি জিলাত অব্যাহত ৰখা “মানৱ-হাতী সহাৱস্থান আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক উদগনি যোগোৱাৰ বাবে সম্প্ৰদায়ভিত্তিক সংহত পদ্ধতি”প্ৰকল্পৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

মানৱ-হাতী সংঘাত প্ৰভাৱিত মহিলাসকলে “পাভৈ গ্ৰীণছ”ত বিভিন্ন জাতৰ বিলাহী, কেপচিকাম, জলকীয়া,  বেঙেনা, লেটুছ আৰু অন্যান্য  বনৌষধি আৰু শাক-পাচলি দেখি উল্লসিত হৈ পৰে। তেওঁলোকক চহ নকৰাকৈ কৰা খেতি,  ধানৰ সৈতে মাছ পালন,  কলা কৰ্ষণ, বীজ সংৰক্ষণ পদ্ধতি আৰু পঞ্চগব্য, জীৱামৃত, গো-মূত্ৰ  আৰু নিমৰ পৰা প্ৰস্তুত কৰা জৈৱ কীটনাশক আদি নতুন পদ্ধতি সমূহৰ সৈতে পৰিচয় কৰাই দিয়া হয় ।