ছাংহাই সহযোগিতা সংস্থাৰ (SCO) ‘সভ্যতাগত সংলাপ মঞ্চ’তঅংশগ্ৰহণৰ বাবে পাকিস্তানৰ মন্ত্ৰী মুছাদিক মালিকৰ নেতৃত্বত এটা প্ৰতিনিধি দল শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয়। তিনি বছৰতকৈও অধিক সময়ৰ পাছত এইগৰাকীয়েই ভাৰত ভ্ৰমণ কৰা প্ৰথমগৰাকী পাকিস্তানী মন্ত্ৰী। লগতে ২০২৫ চনৰ ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত এয়াই সৰ্বোচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০২৩ চনৰ মে’ মাহত পাকিস্তানৰ তৎকালীন বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে এছ চি অ’ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ২০২৫ চনৰ মে’ মাহত দুয়োখন দেশৰ মাজত হোৱা চাৰিদিনীয়া সংঘৰ্ষ আৰু ‘অপাৰেচন সিন্দূৰ’ৰ পাছত অব্যাহত থকা কূটনৈতিক উত্তেজনাৰ মাজতে মালিকৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।
পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় দপ্তৰৰ ফেডাৰেল মন্ত্ৰী মুছাদিক মালিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত ভাৰতত থকা পাকিস্তানী কূটনৈতিক মিছনৰ চাৰ্জ ডি’ এফেয়াৰ্ছ ছাদ ৱাৰাইচে তেওঁক আদৰণি জনায়। ভাৰতে শুকুৰবাৰৰ পৰা দেওবাৰলৈ নতুন দিল্লীৰ পুৰণা কিল্লাত প্ৰথমখন ‘এছ চি অ’ সভ্যতাগত সংলাপ মঞ্চ’ৰ আয়োজন কৰিছে। এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে এয়া এছ চি অ’ৰ পৰিকাঠামোৰ অধীনত আয়োজিত এক বহুপাক্ষিক অনুষ্ঠান আৰু ইয়াৰ বাবে পাকিস্তানকে ধৰি সংস্থাটোৰ সকলো সদস্য ৰাষ্ট্ৰলৈ আমন্ত্ৰণ জনোৱা হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, তিনিদিনীয়া এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে অঞ্চলটোৰ সমৃদ্ধ আৰু পাৰস্পৰিকভাৱে সংযুক্ত সভ্যতাগত ঐতিহ্য উদযাপন কৰা, জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰা আৰু আন্তঃসাংস্কৃতিক সংলাপ তথা সহযোগিতা বৃদ্ধি কৰা। মন কৰিবলগীয়া যে ভাৰত, পাকিস্তান, চীন, ৰাছিয়া, ইৰাণ আৰু ইউৰেছিয়া অঞ্চলৰ আন পাঁচখন দেশক লৈ ছাংহাই সহযোগিতা সংস্থা (SCO) গঠিত। আনহাতে, শেষবাৰৰ বাবে ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এছ চি অ’ৰ চৰকাৰী মুৰব্বীসকলৰ বৈঠকত নতুন দিল্লীক প্ৰতিনিধিত্ব কৰিবলৈ পাকিস্তান ভ্ৰমণ কৰিছিল। ২০১৫ চনৰ পাছত কোনো ভাৰতীয় বৈদেশিক মন্ত্ৰীৰ সেয়াই আছিল প্ৰথমটো পাকিস্তান ভ্ৰমণ।
