প্ৰাকৃতিক সৌন্দৰ্য আৰু সমৃদ্ধ ঐতিহ্যৰে বিশ্বৰ পৰ্যটন মানচিত্ৰত পুনৰ উজলি উঠিছে চুবুৰীয়া ৰাজ্য মেঘালয়। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘বিবিচি ট্ৰেভেল’এ প্ৰকাশ কৰা ‘২০২৭ বৰ্ষত ভ্ৰমণৰ বাবে বিশ্বৰ ২০খন শ্ৰেষ্ঠ ঠাই’ শীৰ্ষক তালিকাত ভাৰতৰ একমাত্ৰ গন্তব্যস্থল হিচাপে স্থান লাভ কৰিছে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনে। বিশ্বৰ কেইবাখনো প্ৰখ্যাত পৰ্যটনস্থলীৰ সমানে সমানে মেঘালয়ে এই তালিকাত ঠাই পাবলৈ সক্ষম হৈছে।
বিবিচি ট্ৰেভেলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সম্পাদক, সাংবাদিক আৰু বহনক্ষম পৰ্যটন বিশেষজ্ঞসকলে এই বাৰ্ষিক তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে। পৰ্যটনৰ জৰিয়তে স্থানীয় সমাজৰ সবলীকৰণ, পৰিৱেশ সুৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত অৰিহণা যোগোৱা অঞ্চলসমূহক এই তালিকাত স্বীকৃতি দিয়া হয়। উক্ত তালিকাত মেঘালয়ৰ লগতে মাদাগাস্কাৰ, কানাডাৰ কুইবেক চিটী, ফ্ৰান্সৰ বাৰ্গাণ্ডী, ইটালীৰ ছাৰ্ডিনিয়া, নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চ আৰু অষ্ট্ৰেলিয়াৰ ডেইনট্ৰী বৰ্ষাৰণ্যৰ দৰে বিশ্ববিখ্যাত স্থানসমূহ অন্তৰ্ভুক্ত হৈছে।
ৰাজ্যখনৰ অনন্য আকৰ্ষণসমূহ উল্লেখ কৰি বিবিচি ট্ৰেভেলে মেঘালয়ৰ শতিকা পুৰণি ‘লিভিং ৰুট ব্ৰীজ’ অৰ্থাৎ গছৰ জীৱন্ত শিপাৰ দলঙক (স্থানীয়ভাৱে ‘জিংকিঙে জ্ৰী’ বুলি জনাজাত) বহনক্ষম জৈৱ-অভিযান্ত্ৰিক কৌশলৰ এক বিস্ময়কৰ নিদৰ্শন হিচাপে অভিহিত কৰে। খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকলে বংশানুক্ৰমে ৰবৰ গছৰ ওলমি থকা শিপাৰে নদী আৰু গভীৰ গিৰিখাতৰ ওপৰত নিৰ্মাণ কৰা এই জীৱন্ত দলংবোৰ সময়ৰ লগে লগে অধিক শক্তিশালী হৈ উঠে। ইয়াৰ উপৰি ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰাক্ক্ষণত ৰাজ্যখনত গ্ৰহণ কৰা সমাজভিত্তিক পৰ্যটনৰ পদক্ষেপসমূহকো এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিত বিশেষভাৱে স্থান দিয়া হৈছে।
পৰ্যটন খণ্ডৰ সুফল যাতে পোনপটীয়াকৈ স্থানীয় পৰিয়াল আৰু গ্ৰাম্য সমাজে লাভ কৰে, তাৰ বাবে ‘মুখ্যমন্ত্ৰীৰ মেঘালয় হোমষ্টে’ মিছন’ৰ জৰিয়তে ১,০০০টা হোমষ্টে’ খোলা আৰু উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপকো বিবিচিয়ে প্ৰশংসা কৰে। এই পদক্ষেপৰ জৰিয়তে খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰৰ অৰণ্য পথ, চূণশিলৰ গুহা তথা মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ লগতে থলুৱা সংস্কৃতিৰ সোৱাদ ল’বলৈ পৰ্যটকসকলক উৎসাহিত কৰা হৈছে।
ইফালে, এই স্বীকৃতিত আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে এই বিশ্বজনীন স্বীকৃতি ৰাজ্যখনৰ বাবে এক অনন্য সন্মান আৰু ই মেঘালয়ৰ সৌন্দৰ্য, সংস্কৃতি তথা ঐতিহ্যৰ চাক্ষুষ প্ৰমাণ। বিশ্ববাসীক আদৰণি জনাবলৈ মেঘালয় সম্পূৰ্ণ সাজু বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
