১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত। স্থানীয় বাসিন্দা আৰু সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ দাবী, মাদ্ৰাছাৰ কাষত মাটিৰ প্ৰয়োজন হোৱাৰ বাবে মন্দিৰটো ভাঙি পেলোৱা হৈছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক ‘গৰ্হণীয় আৰু উচ্ছেদ কাৰ্য’ বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে গৰহণা দিছে।উল্লেখ্য যে,মন্দিৰ ভঙা ঘটনাত নিষিদ্ধ কট্টৰপন্থী সংগঠন তেহৰিক ই লাব্বাইক পাকিস্তানৰ সদস্যসকল জড়িত বুলি অভিযোগ স্থানীয়সকলৰ। মন্দিৰ ভাঙি পেলোৱাৰ পাছত মন্দিৰৰ চূড়াত থকা ধাতৱ অংশ, ইটা-সহ অন্যান্য সামগ্ৰীও দ্ৰুত আঁতৰাই পেলোৱা হৈছে বুলি দাবী তেওঁলোকৰ। মন্দিৰৰ কাষৰ মাটিত এভাকুই ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডে এখন মাদ্ৰাছা তৈয়াৰৰ বাবে লিজত দিছিল। কিন্তু কেইবছৰ ভাড়া নিদিয়াত লিজ বাতিল হৈ যায়। তাৰপিছতেই মন্দিৰৰ মাটি দখল কৰাৰ চক্ৰান্ত আৰম্ভ হয় বুলি অভিযোগ।
