উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত আৰু ৰেলৱে প্ৰশাসনৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত অহা ৮ আৰু ৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন কৰা হব । এই উপলক্ষে ৮ ছেপ্তেম্বৰৰ দিনা পুৱা ১০ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, বিয়লি ৩ বজাৰ পৰা ক ( প্ৰথমৰ পৰা চতুৰ্থ শ্ৰেণী) আৰু খ ( পঞ্চমৰ পৰা দশম শ্ৰেণীলৈ) দুটা শাখাত প্রাইজমানি চিত্ৰাংকণ প্রতিযোগিতা অনুষ্ঠিত হব।
ক শাখাৰ বিজয়ী প্ৰতিযোগীক ক্ৰমে – পাঁচ , তিনি আৰু এক হাজাৰ টকা প্ৰদান কৰা হব। একেদৰে খ শাখাৰ বিজয়ী প্ৰতিযোগীক ক্ৰমে – পাঁচ, তিনি আৰু দুই হাজাৰ টকা প্ৰদান কৰা হব। সন্ধিয়া ৫ বজাৰ পৰা কণ কণ শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব । ৯ ছেপ্তেম্বৰৰ দিনা পুৱা ৯ বজাৰ পৰা অসম ভিত্তিত প্রাইজমানি ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব । প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক মুঠ এক লাখ টকা প্ৰদান কৰা হব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগী সকলক যোগদান কৰিব বিচাৰিলে ৮৮১১০-৭৩৪১৮ বা ৯৯৫৭৫-৯৮৫৮৭ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
আনহাতে ৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া শিল্পী সম্বর্দ্ধনা অনুস্থানত বিশিষ্ট শিল্পী, সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰা ডাঃ অঞ্জনজ্যেতি চৌধুৰী উপস্থিত থাকিব। ইয়াৰ উপৰিও সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বিশিষ্ট বাঁহী বাদক কৈলাস ৰাভা আৰু যুথিকা ৰাভাই অনুষ্ঠান পৰিবেশন কৰিব।
